আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিলে আজ্জিকুত্তিৰা সোমায়া বোপান্নাই । পূৰ্বতে তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজভৱনৰ দৰবাৰ হলত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পুৱা ৯.৩০ বজাত শপত গ্ৰহণ কৰিলে মুখ্য ন্যায়াধীশ গৰাকীয়ে । নতুন মুখ্য ন্যায়াধীশ গৰাকীক শপত বাক্য পাঠ কৰাই ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে ।
১৯৫৯ চনৰ ২০ মে’ত মেডিকেৰি জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ বোপান্নাই । তেওঁ ১৯৮৪ চনত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল । ২০০৫ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল এ এছ বোপান্নাই । ২০০৭ চনৰ পৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ বোপান্নাই । বোপান্নাই কৰ্ণাটকা উচ্চ ন্যায়ালয়ত ১২ বছৰ কাৰ্যনিৰ্বাহ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ আছিল অজিত সিং ।