গুৱাহাটী ৰেলৱে ষ্টেচনত ভাং উদ্ধাৰ

গুৱাহাটী ৰেলৱে ষ্টেচনত ভাং উদ্ধাৰ
Published on

গুৱাহাটী ৰেলৱে আৰক্ষীৰ আন এক সফলতা। গুৱাহাটী ৰেলৱে আৰক্ষীৰ টহলদাৰী গোটে আজি ৰাতিপুৱা ৫.৩০ বজাত নামনি মুৱা ৰাজধানী এক্সপ্ৰেছ (ট্ৰেইন নম্বৰ-২০৫০৫) ত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই এ-৩ ডবাৰ পৰা ২৫ কিলোগ্ৰাম ভাং জব্দ কৰে। ভাঙৰ লগতে গুৱাহাটী ৰেল আৰক্ষীয়ে অবৈধ ভাবে ভাংখিনি সৰবৰাহ কৰা বিহাৰৰ ভোজপুৰ জিলাৰ উদয়ন্ত আৰক্ষী চকীৰ অন্তৰ্গত বিবিগঞ্জ গাঁওৰ পাপু সিং নামৰ লোক জনক আটক কৰে। আটকাধীন পাপু সিং নগেন সিঙৰ পুত্ৰ। বিগত কিছু মাহ ধৰি অসমত চোৰাং ভাবে ভাং আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ বৃদ্ধি পাইছে। ৰেলৰ যোগেৰে বেছিভাগ চোৰাং সামগ্ৰী সৰবৰাহ কৰা হয়, গুৱাহাটী ৰেল আৰক্ষীয়ে সময়ে সময়ে এনে চোৰাং নিচাযুক্ত সামগ্ৰী সমূহ আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com