কেন্দ্ৰীয় ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা ডি এল এড পৰীক্ষাৰ ফলাফলক লৈ চূড়ান্ত বিসংগতিৰ বাবে তীব্ৰ উত্তেজনাৰ সৃষ্টি। বিশ্বনাথ জিলাৰ বিহালী মহাবিদ্যালয়ত আজি হঠাৎতে উত্তেজিত হৈ পৰে ।যোৱা জুন মাহত এনআইঅ'এছৰ অধীনত অনুস্থিত হোৱা ডি এল এড পৰীক্ষাৰ ফলাফল যোৱা ৰাতি অনলাইন যোগে প্ৰকাশ হৈছিল। ফলাফল প্ৰকাশ হোৱা পিছতে বিহালী মহাবিদ্যালয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী মাজত ় হাঁহাকাৰৰ সৃষ্টি হয। পৰীক্ষাৰ্থী সকলৰ ফলাফলত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হয়।আনহাতে এনআইঅ'এছৰ বিৰুদ্ধে ভয়ংকৰ গাঁফিলতিৰ সন্দেহ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীয়ে । উল্লেখযোগ্য যে পৰীক্ষা ফলাফলত বিহালী মহাবিদ্যালয় ২নং কোঠাত অৱৰ্তীন হোৱা প্ৰায় ১৫০ জনৰ অধিক পৰীক্ষাৰ্থী ফলাফলত তিনিটা বিষয়ৰ পৰীক্ষাৰ এটা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতো মাৰ্কচিটত অনুপস্থিত বুলি অহাত পৰীক্ষাৰ্থী সকলৰ মাজত আৰু বিহালী মহাবিদ্যালয় মাজত এক ব্যাপৰ খেলিমেলিৰ সৃষ্টি হয় । পৰীক্ষাৰ্থী সকলৰ পৰীক্ষাৰ ফলাফল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো মাৰ্কচিটত কি কাৰনে অনুপস্থিত হোৱা দেখুৱালে তাক লৈ মহাবিদ্যালয় আৰু পৰীক্ষাৰ্থী সকলৰ মাজত এখন সভা অনুষ্ঠিত হয় । অৱতীৰ্ণ হোৱা প্ৰায় ৫০০ পৰীক্ষাৰ্থীৰ ভিতৰতে প্ৰায় ১৫০ জন পৰিক্ষাৰ্থীৰ মাৰ্কচিটতহে এই বিসংগতি হোৱা বুলি জানিব পৰা গৈছে। এনআইঅ'এছৰ কৰ্তৃপক্ষৰ এনে গাঁফিলতিৰ ফলতে এনে কাণ্ড হোৱা বুলি অভিযোগ প্ৰদান কৰে পৰীক্ষাৰ্থীসকলে ৷যি সময়ত শিক্ষা বিভাগে ২০১৯ চনৰ ভিতৰত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিজন শিক্ষকৰ বাবে ডি এল এড উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে সেই সময়তে বিভিন্ন বিদ্যালয়ত কৰ্মৰত এইসকল পৰিক্ষাৰ্থী ৰূপী শিক্ষক সকলৰ ব ভৱিষ্যতক লৈ চিন্তনীয়ৰ কাৰন হৈ পৰিছে।