

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা তথা দৰঙৰ হাজৰিকাপাৰা নিবাসী ডঃ ৰুবুল হাজৰিকাৰ নিৰুদ্দেশৰ ঘটনাই জিলা খনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে কেইদিনমানৰ চুটি লৈ নিজগৃহলৈ আহিছিল। যোৱা ১২ চেপ্তেম্বৰৰ সন্ধিয়া ৭ বজাত নিজ গৃহৰপৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ বৰদৌলগুৰি তেল ডিপোলৈ নিজৰ এ এছ ০১- ডি ই- ৪১৬৬ নম্বৰৰ আই টেন গাড়ীখনেৰে ওলাই অহাৰ পিছতে সন্ধানহীন হৈ পৰে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি বিচাৰ খোচাৰ কৰিছে যদিও আজি এসপ্তাহ ওকলি যোৱাৰ পিছতো কোনো সন্ধান পোৱা নাই। পিন্ধনত জিঞ্চ পেন্ট, টি চাৰ্ট পৰিহিত শকত মিঠা বৰণীয়া পাচঁ ফুট ওখ ব্যক্তি জনৰ সম্ভেদ পালে পৰিয়ালৰ লোকে ৭০০২২-৭৫৫৩০ আৰু ৭৩৯৯৫-০৫২৯১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।