নগাঁৱৰ বাৰপুজীয়াত অবৈধ কাঠৰ মিল জব্দ

নগাঁৱৰ বাৰপুজীয়াত অবৈধ কাঠৰ মিল জব্দ
Published on

নগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিভিন্ন স্থানত বন বিভাগৰ জ্ঞাতসাৰে দীৰ্ঘদিন ধৰি বহু অবৈধ কাঠমিল চলি থকা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আজি নগাঁও বন বিভাগে এক অভিযান চলায় ।

আজি দিনৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি নগাঁও সদৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত তথা সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া প্ৰভাত বৰা সহিতে বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ এক বৃহৎ দলে নগাঁৱৰ বাৰপুজীয়া আলিকুছি গাঁৱত অভিযান চলাই অম্বিকা নাথ নামৰ ব্যক্তিগৰাকীৰ এটা অবৈধ কাঠ মিল উৎখাত কৰিবলৈ সক্ষম হয়।

লগতে বনবিভাগৰ দলটোৱে কাঠ মিলটোত মজুত কৰি ৰখা বুজন পৰিমাণৰ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে। অৱশ্যে, অভিযানকালত কাঠমিলটোৰ স্বতাধিকাৰী অম্বিকা নাথক কৰায়ক্ত কৰাত ব্যৰ্থ হয় বনবিভাগৰ দলটো । জব্দ কৰা অবৈধ কাঠমিলটো নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে বুলি বন বিভাগৰ এক সুত্ৰই জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com