

শিৱসাগৰৰ বেতবাৰী অঞ্চলত সৃষ্টি হ'ল এক হুলস্থলীয়া পৰিৱেশ।শিৱসাগৰ নগৰৰ বেতবাৰীত আজি এটা অজগৰ সাপ উদ্ধাৰ হয়।বেতবাৰী আলিমুৰৰ এখন পথাৰত জালত লাগি থকা অৱস্থাত উদ্ধাৰ হোৱা অজগৰটো পিছত বন বিভাগক চমাজই দিয়া হয়। উদ্ধাৰ কৰা সাপটো বন বিভাগে পিছত সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিব বুলি জানিবলৈ দিছে।বনবিভাগে ৰাইজক বন্য প্ৰানী দেখা পালে কোনোধৰনৰ অনিষ্ট নকৰাকে বনবিভাগক অতি সোনকালে খবৰ দিবলৈ আহ্বান জনায়।