ইশা আনন্দৰ প্ৰি ৱেডিং অনুষ্ঠানত বিঅ’ন্সৰ উপস্থিতত উৎসাহিত অনুৰাগী

ইশা আনন্দৰ প্ৰি ৱেডিং অনুষ্ঠানত বিঅ’ন্সৰ উপস্থিতত উৎসাহিত অনুৰাগী
Published on

সম্প্ৰতি ইশা আম্বানিৰ বিয়াক লৈ উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে উদয়পুৰত ৷ বলীউড, হলীউডৰ লগতে ৰাজনৈতিক জগতৰ বিভিন্ন ষ্টাৰ সকলৰ পয়োভৰ ঘটিছে ইশা আম্বানিৰ বিয়াত ৷ সম্প্ৰতি ইশাৰ বিয়াৰ সমান্তৰালকৈ চৰ্চা লাভ কৰিছে হলীউডৰ গায়িকা বিঅ’ন্সেৰ উপস্থিতিৰ প্ৰসংগটোৱে ৷ ইফালে বিঅ’ন্সে ইশা আম্বানীৰ প্ৰি ৱেডিং অনুষ্ঠানত চিটী পেলেচত দেওবাৰে নিজৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰে।

লগতে বিঅ’ন্সেই নিজৰ অনুষ্ঠানত ভাৰতীয় পৰম্পৰা অনুসৰি সাজপোচাক পৰিধান কৰে । বিঅ’ন্সেক আবেদনময়ী শিল্পী হিচাপে দৰ্শকৰ মাজত অতি জনপ্ৰিয় বিঅ’ন্সেৰ ষ্টাইল,হট লুকৰ কাৰণে বিশেষভাবে জনপ্ৰিয় ৷ অন্যহাতে,আবু জানী আৰু সন্দীপ খোচলাই বিঅ’ন্সেক ভাৰতীয় পৰম্পৰা সাজ সজ্জাৰ পোচাকেৰে সজাই তুলিলে ৷

ৰেড কালাৰৰ গাউন,মাংগ টীকাৰে বিঅ’ন্সেক সজাওঁতে যেন আবু জানিমে কোনো ত্ৰুটি কৰা নাই ৷ অন্যহাতে ডিজাইনাৰ শিৱান আৰু নৰেশেও ডিজাইন কৰে বিঅ’ন্সৰ পোচাক ৷ যি কি নহওক ইশা আম্বানি বিয়াত অন্যান্য চেলিব্ৰটীসকলৰ সমান্তৰালকৈ বিঅ’ন্সেই বিশেষভাৱে উৎসাহিত কৰিছে জনসাধাৰণক ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com