Begin typing your search above and press return to search.

মুক্তি পালে শিৱাৰ "অন্নাত্তহে"-ৰ প্ৰথমটি টীজাৰে

এই টীজাৰত দৰ্শকৰ সিঙকো হয় চুপাৰষ্টাৰ ৰজনীকান্তে ৰূপায়ন কৰা চৰিত্ৰ পালচামিৰ সৈতে।

মুক্তি পালে শিৱাৰ অন্নাত্তহে-ৰ প্ৰথমটি টীজাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2021 7:24 AM GMT


শ্ৰোতা-দৰ্শকৰ প্ৰতীক্ষাৰ অন্ত পেলাই নৱৰাত্ৰিৰ মাজতে যোৱা বৃহস্পতিবাৰে মুক্তি লাভ কৰে "অন্নাত্তহে" ছবিৰ প্ৰথমটি টীজাৰে। এই টীজাৰত দৰ্শকৰ সিঙকো হয় চুপাৰষ্টাৰ ৰজনীকান্তে ৰূপায়ন কৰা চৰিত্ৰ পালচামিৰ সৈতে। যাৰ জীৱনৰ লক্ষ্য হৈছে চহৰৰ লোকসকলক এজন গাঁৱৰ লোকৰ শক্তি উপলব্ধি কৰোৱাৰ।

এটা সংলাপত অভিনেতাগৰাকীয়ে কয়, "এতিয়া লৈকে তোমালোকে এজন গাঁৱলীয়াৰ কেৱল ভাল পৃষ্ঠা দেখিলা, এতিয়া তাৰ ক্ৰোধ দেখিবা"। চৰিত্ৰটোত অভিনেতা গৰাকীক ভাল আৰু বেয়া--মানুহৰ এই দুটি চৰিত্ৰক সন্নিবিষ্ট কৰা দেখিবলৈ পোৱা যাব।

চলচ্চিত্ৰ নিৰ্মাতা শিৱাই এই ছবিৰ যোগে অভিনেতা গৰাকীৰ কৰিশ্মা পুনৰ এবাৰ জাগৃত কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে। ছবিখনৰ প্ৰতিটো সংলাপত প্ৰজ্বলিত হয় ৰজনীকান্তৰ সামৰ্থ, আৰু ছবিখনক সোণত সুৱগা চৰাইছে চুপাৰষ্টাৰ গৰাকীৰ শ্ল' - ম'চন খোজেৰে। টিজাৰ টোত ছবিখনৰ বিষয়ে বিশেষ একো খোলোচা কৰা হোৱা নাই। মাত্ৰ দৰ্শকৰ উত্ৰাবলৰ সৃষ্টি কৰিছে ৰজনীকান্তৰ দামদাৰ প্ৰত্যাৱৰ্তনে।

ছবিখন মুকলি কৰাৰ সিদ্ধান্ত বহুত আগতেই লোৱা হৈছিল যদিও, বহু কাৰণবশতঃ ই সম্ভৱ হৈ উঠা নাছিল। ক'বলৈ গ'লে প্ৰযোজক সকলে এই ছবিৰ দ্বাৰা ৭০বছৰত ভৰি দিয়া অভিনেতা গৰাকীৰ মনুবস্তা আৰু শাৰীৰিক স্বাস্থ্য পৰীক্ষণ কৰা যেন ধাৰণা হয়। কিন্তু সকলো বাধা নেওচি আগন্তুক ৪ নৱেম্বৰ ২০২১, তাৰিখে দৰ্শকৰ মনক প্ৰশান্তি জন্মাই ছবিগৃহলৈ আহি আছে "অন্নাত্তহে"।

আৰু পঢ়িব পাৰেঃ "স্পেচি়য়েল অপছ - ১.৫" - মুক্তি লাভ কৰিলে প্ৰথম ষ্টৰী টীজাৰে

Next Story
চাকৰি