Begin typing your search above and press return to search.

খিলাড়ী কুমাৰৰ কিছু অজান কথা প্ৰকাশ পালে আয়েশা ঝুলকাৰ মুখেৰে

অভিনেত্ৰী আয়েশা আৰু অক্ষয় কুমাৰক ৯০ দশকৰ বহু জনপ্ৰিয় ছবি যেনে "ৱক্ট হামাৰা হে", "জয় কিশন" আদিত দেখিবলৈ পোৱা গৈছিল।

খিলাড়ী কুমাৰৰ কিছু অজান কথা প্ৰকাশ পালে আয়েশা ঝুলকাৰ মুখেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Oct 2021 10:51 AM GMT

"দা কপিল শৰ্মা শ্ব"ৰ নতুন অতিথি আয়েশা ঝুলকাৰৰ মুখেৰে অনতিপলমে শুনিবলৈ পাব ৯০দশকত অভিনেতা অক্ষয় কুমাৰ আৰু কৰিঅ'গ্ৰাফাৰ চিন্নি প্ৰকাশে অভিনেত্ৰীগৰাকীক দিয়া কিছু শ্বুটিংৰ মঞ্চত সক্ৰিয় হৈ থাকিবলৈ দিয়া কিছু আচহুৱা দিহা।

অভিনেত্ৰী আয়েশা আৰু অক্ষয় কুমাৰক ৯০ দশকৰ বহু জনপ্ৰিয় ছবি যেনে "ৱক্ট হামাৰা হে", "জয় কিশন" আদিত যুটীয়াভাবে দেখিবলৈ পোৱা গৈছিল। "খিলাড়ী" ছবিৰ জনপ্ৰিয় গীত "দেখা তেৰি মষ্ট নিগাহো মে" গীত যোগে চিন্নি প্ৰকাশৰ সৈতে কাম কৰে অভিজ্ঞতা হৈছিল অভিনেত্ৰী গৰাকীৰ। এই বিষয়ে অভিনেত্ৰী গৰাকীয়ে জনায় যে, "চিন্নিৰ সৈতে কাম কৰা কষ্টকৰ, তেওঁ কেতিয়াবা দুয়োবেলাই কাম কৰাইছিল"।

বৰষুণৰ পৰিবেশত এই গীত নটৰাজ ষ্টুডিঅ' ট চিত্ৰগ্ৰহণ কৰা হৈছিল। দিনত অন্য ছবিৰ চিত্ৰগ্ৰহণৰ ব্যস্ততাৰ বাবে অভিনেত্ৰী গৰাকীয়ে জিৰণি বাবে আহৰি পোৱা নাছিল, আৰু ভাগৰুৱা অনুভৱ কৰিছিল। তেনেস্থলত তেওঁৰ সহ অভিনেতা কুমাৰে তেওঁক ছ'দা, গাখীৰ আৰু শীতল পানীয় গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰোপৰি ছ'দাৰে মুখ ধুই, চকুত তাৰ অলপ প্ৰলেপ সানি লোৱাৰ পৰামৰ্শ দিছিল অভিনেতাগৰাকীয়ে।


আৰু চাব পাৰেঃ আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন

"চিন্নিৰ সৈতে কাম কৰিবলৈ মই কিছু ভয় খাইছিলো। শ্বুটিঙৰ সময়ত মোৰ ক্লান্তি নিৰ্মূল কৰিবলৈ অক্ষয় আৰু চিন্নি, দুয়োজনে মোক একে ধৰণৰ দিহা- পৰামৰ্শ আগবঢ়াইছিল" - এনেধৰণৰ আছিল অভিনেত্ৰী আয়েশাৰ ভাষ্য।

"দা কপিল শৰ্মা শ্ব"ৰ এই নতুন খণ্ডটোত আয়েশাৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী জুহি চাওলা আৰু মধুক।

Next Story
চাকৰি