Begin typing your search above and press return to search.

"বাণ্টি আৰু বাবলি ২" আৰু দুটা প্ৰজন্মৰ সংঘাতৰ প্ৰতিচ্ছবি

মুক্তি লাভ কৰিছে ৯০দশকৰ অন্যতম জনপ্ৰিয় যুটী চৈফ আলি খান আৰু ৰাণী মুখাৰ্জী অভিনীত ছবি "বান্টি ঔৰ বাবলি"ৰ প্ৰথম টীজাৰে

বাণ্টি আৰু বাবলি ২ আৰু দুটা প্ৰজন্মৰ সংঘাতৰ প্ৰতিচ্ছবি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2021 9:46 AM GMT

"বাণ্টি আৰু বাবলি ২ ছবিখনে মুক্তি লাভ কৰিব এই বছৰৰ ১৯ নৱেম্বৰত।

টীজাৰৰ প্ৰথম ভাগত দেখিবলৈ পোৱা যায় অভিনেতা চৈফ আৰু ৰাণী মুখাৰ্জীক চিত্ৰগ্ৰহণৰ বাবে সাজু হোৱাৰ। দুয়োৰে মাজৰ কথোপকথনৰ পৰা ব্যক্ত হয় যে দুয়ো সুদীৰ্ঘ ১২বছৰৰ পাছত একেলগে কাম কৰিবলৈ আগবাঢ়িছে আৰু দুয়োয়ে এজনে আনজনৰ সান্নিধ্য কেনেদৰে উপভোগ কৰে সেই কথা।

যথাসময়ত দুয়ো চিত্ৰগ্ৰহণৰ বাবে সাজু হয়, আৰু তেনে সময়তে স্ক্ৰীনট প্ৰবেশ কৰে সিদ্ধান্ত চাতুৰ্বেদী আৰু সৰ্ভাৰী ৱাঘে। চৈফৰ তেওঁলোকৰ চিনাকি বিচাৰি কৰা প্ৰশ্নৰ দুয়োয়ে নিজকে বান্টি আৰু বাবলি ৰূপে দিয়ে। যাক লৈ ভীতিগ্ৰস্ত হৈ পৰে আন দুগৰাকী অভিনেতা। আৰু এই বিষয়কে লৈ সংঘাতৰ সৃষ্টি হয় দুয়োটি যুটিৰ মাজত।

ইয়াৰ মীমাংসা বিচাৰি নিৰ্দেশক বৰুণ শৰ্মাক চৈফে প্ৰশ্ন কৰে আৰু উত্তৰত তেওঁ কয় যে, প্ৰযোজক আদিত্য চোপ্ৰাই ছবিখনৰ কাহিনীৰ কিছু পৰিবৰ্তন কৰিছে। এই কথাত বিৰক্তি প্ৰকাশ কৰি চৈফ আৰু ৰাণী দুয়ো চিত্ৰগ্ৰহণৰ স্থান এৰি উলাই যায়। ইয়াৰ পাছত সিদ্ধান্ত আৰু সৰ্ভাৰীয়ে চিত্ৰগ্ৰহণৰ বাবে পচে দিয়ে যদিও,সকলো লাইট বন্ধ কৰি দিয়া হয়।

আৰু ইয়াৰ পাছৰ কাহিনী এতিয়া দৰ্শকৰ বাবে ৰহস্য যাৰ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব নতুন ছবি "বাণ্টি আৰু বাবলি ২" মুক্তি পোৱালৈ । ছথবিখনে অহা ১৯ নৱেম্বৰত মুক্তি লাভ কৰাৰ কথা।


আৰু পঢ়িব পাৰেঃ এথলেইজাৰ ব্ৰেণ্ড এডিডাছৰৰ ব্ৰেণ্ড এম্বেচাদৰৰ ৰূপত দীপিকা পাডুকন

Next Story
চাকৰি