Begin typing your search above and press return to search.

মোৰ ছবি হিট হোৱা নাই: অনুৰাগীৰ প্রশংসাৰ প্ৰত্যুত্তৰত ক'লে হৰ্ষবৰ্ধনে

সম্প্ৰতি অভিনেতাজনে জন আব্ৰাহামৰ দ্বাৰা প্ৰযোজিত এখন একচন ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছে ।

মোৰ  ছবি হিট হোৱা নাই: অনুৰাগীৰ প্রশংসাৰ প্ৰত্যুত্তৰত কলে হৰ্ষবৰ্ধনে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jun 2021 8:21 AM GMT

জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণেই ২০১৬ চনত "চনম তেৰী কচম"ৰ জৰিয়তে বলিউড আত্মপ্ৰকাশ ঘটাইছিল । অৱশ্যে সুদৰ্শন অভিনেতাজনে বিজয় নাম্বিয়াৰৰ একচন ছবি 'টাইছ'ত গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিহে অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল । সম্প্ৰতি অভিনেতাজনে জন আব্ৰাহামৰ দ্বাৰা প্ৰযোজিত এখন একচন ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছে । ছবিখন নীলেশ সাহাইৰ ৷ অভিনেতাজনে নিয়মীয়াকৈ তেওঁৰ ৱৰ্ক- আউটৰ ভিডিঅ' ক্লিপছ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাও দেখিবলৈ পোৱা গৈছে।

মঙলবাৰে অভিনেতাজনৰ এজন অনুৰাগীয়ে তেওঁ অভিনয় কৰা এখন চিনেমাৰ দৃশ্যৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল । ভিডিঅ'টো শ্বেয়াৰ কৰি অনুৰাগীজনে অভিনেতাজনৰ অভিনয়ৰ বাবে প্ৰশংসা কৰি তেওঁক "ৱান মেন আৰ্মী বুলি অভিহিত কৰে ।

ইয়াৰ পিছতে হৰ্ষবৰ্ধন ৰাণে অনুৰাগীজনৰ টুইটৰ প্ৰত্যুত্তৰ দি কয় , "ছাৰ, মোৰ আজিলৈকে কোনো ছবি হিট হোৱা নাই। " আনহাতে, দেশত সম্প্ৰতি বৃদ্ধি পোৱা কৰ'নাৰ দ্বিতীয় ঢৌৰ বিষয়ে মন্তব্য আগবঢ়াই অভিনেতা হৰ্ষবৰ্ধনে কয়, "মোৰ মনত আছে, যোৱা বছৰ মই কিছুমান লোকে কোৱা শুনিছিলো, 'আমি ভাৰতীয় হয়, আমাৰ একো নহয় , আমাৰ শক্তি পৃথিৱীৰ সকলোতকৈ বেছি হয় '। সেই সকলোবোৰ এতিয়া অন্য এক দিশত গতি কৰিছে ।" তেওঁ লগতে কয় যে স্বভাৱিকতে তেওঁ এনে আলোচনাৰ পৰা আঁতৰি থাকে।


আৰু পঢ়িব পাৰেঃ বৃহৎ প্ৰত্যাহ্বানৰ মাজতো সফলতা অৰ্জন ছলমানৰ "ৰাধে"-ৰ, আয় বৃদ্ধি

Next Story
চাকৰি