Begin typing your search above and press return to search.

বলীউডৰ ছবিত ভুমুকি মৰা হলিউডৰ বিখ্যাত অভিনেতা-অভিনেত্ৰী

ইৰফান খানৰ পৰা ধৰি প্ৰিয়ংকা চোপ্ৰা লৈকে বিভিন্ন সময়ত বিভিন্ন জন বলিউড অভিনেতা হলিউডৰ ছবিত নিজৰ সাঁচ বহুৱাইছে।

বলীউডৰ ছবিত ভুমুকি মৰা হলিউডৰ বিখ্যাত অভিনেতা-অভিনেত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-01T17:44:57+05:30


বিশ্বববিখ্যাত চলচ্চিত্ৰ জগত বলিউড আৰু হলিউড এটা আনটোৰ ভাল বন্ধুৰ দৰে। আৰু দুয়োৰে যেতিয়াই সংমিশ্ৰণ হয় সি দৰ্শকৰ মাজত নিজৰ যাদু এটি যায় আৰু দৰ্শক সকলৰ বাবেও সেই অভিজ্ঞতা আপুৰুগীয়া হৈ উঠে। ইৰফান খানৰ পৰা ধৰি প্ৰিয়ংকা চোপ্ৰা লৈকে বিভিন্ন সময়ত বিভিন্ন জন বলিউড অভিনেতা হলিউডৰ ছবিত নিজৰ সাঁচ এৰিছে। আৰু ঠিক একেধৰণে হলিউডৰ বিভিন্ন জনকো বলীউডৰ ছবিত কিছু মুহূৰ্ত্তৰ বাবে হ'লেও দেখিবলৈ পোৱা গৈছে।

১. উইল স্মিথ






কৰণ জোহৰ নিৰ্দেশিত ছবি "ষ্টুদেণ্ট অফ দি ইয়েৰ ২" ছবিত বিশেষ ভাৱে আৰ্বিভাৱ হৈছিল হলিউডৰ জনপ্ৰিয় অভিনেতা উইল স্মিথ। ছবি খনৰ এটি গীতত আন অভিনেতা সহ নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল হলিউডৰ এই অভিনেতা গৰাকীক। "বাকেট লিষ্ট" নামৰ এটি শ্ব'ট অভিনেতা গৰাকীয়ে ব্যক্ত কৰে যে তেওঁ সদায়ে এটি বলিউড গীত পৰিৱেশন কৰিব বিচাৰিছিল। সেয়ে যেতিয়া "য়ে জাৱানি হে দীৱানি" গীতটোৰ বাবে তেওঁক আমন্ত্ৰণ কৰা হ'ল তেওঁ অত্যন্ত সুখী হৈছিল।

২. চিলভেষ্টাৰ ষ্টেলেন






সব্বিৰ খান নিৰ্দেশিত ছবি "কম্বাখ্ট ঈশ্ক"ত অভিনেতা অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰৰ উপৰিও দেখিবলৈ পোৱা যায় হলিউডৰ জনপ্ৰিয় তাৰকা চিলভেষ্টাৰ ষ্টেলেনক। অভিনেতা গৰাকীয়ে মৰ্যাদাপূৰ্ণ ৰূপে দৃশ্যটোত প্ৰবেশ কৰে, আৰু বলিউডৰ দিভা গৰাকীক গুণ্ডা সকলৰ কবলত পৰা উদ্ধাৰ কৰে।

৩. বেন কিংশ্লেই

১৯৮২, চনত "গান্ধী" ছবিত নিজৰ দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মুগ্ধ কৰা অভিনেতা বেন কিংশ্লেইক, বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে স্ক্ৰীন শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায় হিন্দী ছবি "তিন পট্টি"ত। ছবি খনত তেওঁৰ চৰিত্ৰটিৰ নাম আছিল পাৰ্চী ত্ৰেচটেনবাৰ্গ।






৪. ছাৰাহ থম্পচন






প্ৰকাশ ঝাৰ ৰাজনৈতিক বিষয়ৰ ওপৰত নিৰ্মিত ছবি "ৰাজনীতি"ত আমেৰিকান অভিনেত্ৰী ছাৰাহ থম্পচনক দেখিবলৈ পোৱা গৈছিল, অভিনেতা ৰণবীৰ কাপুৰৰ আমেৰিকান প্ৰেমিকাৰ চৰিত্ৰত। এই ছবিৰ কাহিনীৰ ভিত্তি আছিল ৰাজনীতিৰ সৈতে জৰিত কিছু চৰিত্ৰৰ ওপৰত। আৰু কিছু গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা গৈছিল কেটৰিনা কাইফ আৰু অজয় দেৱগণক।

৫. ডেনিছ ৰিচাৰ্ড






বলিউড ছবি "কম্বাখ্ট ঈশ্ক"ত অন্য এক গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা গৈছিল। এই ছবিত অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা গৈছিল অক্ষয় কুমাৰৰ প্ৰেমিকাৰ চৰিত্ৰত। বলিউড ছবিত কাম কৰা তেওঁৰ এই অভিজ্ঞতা স্মৰণীয় আছিল। এটি সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে, বলিউডৰ ছবিত পুনৰ এবাৰ কাম কৰক লৈ তেওঁ আশাবাদী।

আৰু পঢ়িব পাৰেঃ প্ৰেমত পৰিছে নেকি অভিনেতা বিকি কৌশলৰ ভাতৃ ?

Next Story