Begin typing your search above and press return to search.

দিশা পাটানীৰ লগত পুত্ৰৰ প্ৰেমৰ সম্পৰ্কক লৈ কিমান সুখী জেকী শ্রফ !

ইয়াৰ পিছতে জেকি শ্ৰফে তেওঁৰ পুত্ৰৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

দিশা পাটানীৰ লগত পুত্ৰৰ প্ৰেমৰ সম্পৰ্কক লৈ কিমান সুখী জেকী শ্রফ !

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2021 10:03 AM GMT

টাইগাৰ শ্ৰফ আৰু "বাগী ২-"ৰ সহ-অভিনেতা দিশা পাটানীৰ যুটিয়ে আগৰ পৰাই অনুৰাগীৰ মন আকৰ্ষণ কৰি আহিছে । দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কও আছে বুলি বহুদিন আগৰে পৰা চৰ্চা হৈ আহিছে ৷ পিতৃ জেকি শ্ৰফেও অৱশেষত নিশ্চিত কৰিছে যে তেওঁৰ পুত্ৰই ডেটিং কৰি আছে, কিন্তু কাৰ লগত তেওঁৰ পুত্ৰৰ প্ৰেমৰ সম্পৰ্ক চলি আছে, সেই সম্পৰ্কে উল্লেখ কৰা নাই ! শেহতীয়াকৈ জেকি শ্ৰফে ছলমান খান অভিনীত ৰাধে: ইয়'ৰ মোষ্ট ৱান্টেড ভাই" ছবিখনত দিশাৰ সৈতে একেলগে কাম কৰে । যদিও দুয়োৰে একেলগে কোনো দৃশ্য নাছিল তথাপিও অনুৰাগীসকলে তেওঁলোকৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হোৱা দেখা গৈছিল । আনহাতে, দিশাই জেকি শ্রফক ছাৰ বুলি সম্বোধন কৰাক লৈ চৰ্চিত হৈছিল । ইয়াৰ পিছতে জেকি শ্ৰফে তেওঁৰ পুত্ৰৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

তেওঁ কয়, "মোৰ ল'ৰাই ২৫ বছৰ বয়সত ডেটিং আৰম্ভ কৰিছিল আৰু তেওঁলোক সঁচাকৈয়ে ভাল বন্ধু। তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতৰ বাবে কি সিদ্ধান্ত লৈছে এই বিষয়ে মোৰ কোনো ধাৰণা নাই । কিন্তু মই নিশ্চিত যে টাইগাৰে নিজৰ কামত অত্যন্ত মনোনিৱেশ কৰিছে। মোৰ বাবে এইটো তেওঁৰ প্ৰথম কাম । মাক-দেউতাক ভগ্নী বা প্ৰেমিকাই হওঁক - তেওঁৰ বাবে কামতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে । তেওঁ আৰু তেওঁৰ কামৰ মাজত কোনেও আহিব নোৱাৰে । এতিয়া নিজৰ কামত অত্যধিক মনোনিৱেশ কৰিছে, যিটো মই ভাল বুলি ভাবো । "এই সন্দৰ্ভত টাইগাৰ শ্ৰফৰ ভগ্নী কৃষ্ণা শ্ৰফেও কয় যে তেৱোঁ টাইগাৰৰ সিদ্ধান্তক সন্মান কৰে।

"মই ভাবো যে সি জানে কি শুদ্ধ । যিটোৱে তেওঁক সুখী কৰে সেয়াই আমাকো সুখী কৰে। মই নাভাবো যে মই তাক কোনো পৰামৰ্শ দিব লাগে বুলি", তেওঁ এইদৰে কয় ৷ আনহাতে, অনুৰাগীসকলে নিশ্চয় অনুমান কৰিব পৰিছে যে দিশা পাটানীয়ে টাইগাৰ শ্রফৰ পৰিয়ালৰ সৈতে কিছু কথা ভাগ-বাটোৱাৰা কৰিছে । আৰু এয়া নিশ্চয়কৈ অনুৰাগীসকলৰ বাবে ভাল খবৰ ।

Next Story
চাকৰি