Begin typing your search above and press return to search.

জনপ্ৰিয়তাৰ দৌৰত নতুন তামিল ছবি জাগামে তান্তিৰাম, উপলব্ধ হ'ল নেটফ্লিক্সত

ছবিখনৰ কাহিনী তামিলনাডুৰ মাদুৰাইৰ এসময়ৰ গেংষ্টাৰ চুৰুলীক লৈ।

জনপ্ৰিয়তাৰ দৌৰত নতুন তামিল ছবি জাগামে তান্তিৰাম, উপলব্ধ হল নেটফ্লিক্সত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-06-19T19:53:15+05:30

নতুন তামিল ছবি 'জাগামে তান্তিৰাম'-এ মুক্তি পাইছে। ১৮ জুনত মুক্তি পোৱা ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰিছে। ছবিখন নেটফ্লিক্সত উপলব্ধ হৈছে। ছবিখনৰ পৰিচালনা কৰিছে কাৰ্তিক চুব্বাৰাজে।আনহাতে, ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ধনুষ, ঐশ্বৰ্য লেক্সমি, জেমছ কছমো, জজু জৰ্জ, দীপক পৰমেশ আদিয়ে । ছবিখনৰ কাহিনী তামিলনাডুৰ মাদুৰাইৰ এসময়ৰ গেংষ্টাৰ চুৰুলীক লৈ।

চুৰুলীৰ চৰিত্ৰত অভিনয় কৰিছে ধনুষে। হঠাতে লণ্ডনত দুজন ক্ষমতাশালী লোকৰ মাজত আবদ্ধ হৈ পৰে চুৰুলী । ইয়াৰে এজন শ্বেতাঙ্গ আধিপত্যবাদী আৰু আনজন তামিল 'বিপ্লৱী'। তেওঁ কেনেকৈ তাত উপস্থিত হয় তাৰে কাহিনী দেখুওৱা হৈছে ছবিখনত । এটা জটিল কাহিনী পৰিচালনা কৰিছে চুব্বাৰাজে । আনহাতে, ধনুষৰ চৰিত্ৰটোৱে দৰ্শকক আমোদ দিয়াত বিফল হোৱা নাই ।ছবিখনৰ সন্তোষ নাৰায়ণনৰ সংগীতেও সমানে জনপ্ৰিয়তা লাভ কৰিছে।

আৰু পঢ়িব পাৰেঃ পুনৰ চৰ্চালৈ হৃত্বিক-কংগনাৰ পুৰণি সম্পৰ্কৰ বিতৰ্ক

Next Story