Begin typing your search above and press return to search.

১.৮ লাখ টকাৰ শাৰীত মোহনীয় ৰূপত অভিনেত্ৰী মাধুৰী দীক্ষিত

ডান্স দিৱানে-৩ৰ বিচাৰকৰ দায়িত্বত থকা মাধুৰীয়ে প্ৰায়ে বিভিন্ন অনুষ্ঠানত পৰম্পৰাগত পোছাকত আকৰ্ষণীয় ৰুচিৰ আভাস দিয়ে

১.৮ লাখ টকাৰ শাৰীত মোহনীয় ৰূপত অভিনেত্ৰী মাধুৰী দীক্ষিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2021 7:44 AM GMT

বলিউডৰ একালৰ জনপ্ৰিয় নায়িকা মাধুৰী দীক্ষিতক সম্প্ৰতি এটা নতুন ৰূপত দেখা গৈছে। এম্ব্ৰইডাৰী কৰা ফুলাম শাৰী আৰু ষ্ট্ৰেপী বাষ্টিয়াৰ পিন্ধি তেওঁ অলপতে কেমেৰাৰ সন্মুখত পজ দিয়ে। এই ফটো তোলাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ন্যূনতম গহনা পৰিধান কৰে । মাধুৰীয়ে পৰিধান কৰা এই শাৰীৰ দাম ১.৮ লাখ টকা।

বৰ্তমান ৰিয়েলিটি টিভি শ্ব' ডান্স দিৱানে-৩-ৰ বিচাৰকৰ দায়িত্ব পালন কৰি থকা মাধুৰীয়ে প্ৰায়ে বিভিন্ন অনুষ্ঠানত পৰম্পৰাগত পোছাকত আকৰ্ষণীয় ৰুচিৰ আভাস দিয়ে । সম্প্ৰতি ফুলাম এম্ব্ৰইডাৰী কৰা শাৰী আৰু বাষ্টিয়াৰত তেওঁক অনন্য ৰূপত দেখা গৈছে।

আনহাতে, জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ফুলৰ এম্ব্ৰইডাৰী কৰা শাৰী পিন্ধি তোলা নিজৰ কেইবাখনো ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰে।

তেওঁ পৰিধান কৰা এই শাৰী আৰু বাষ্টিয়াৰৰ ডিজাইনাৰ লেবেল ৰাহুল মিশ্ৰাৰ। বলীউডৰ প্ৰিয় ষ্টাইলিষ্ট অমি পেটেলে পৰম্পৰাগত কিন্তু আধুনিক চেহেৰাৰ ধাৰণা কৰিছিল। মাধুৰীৰ গহনাবোৰ লাটিক আৰু আনমোল জুৱেলাৰৰ।


আৰু পঢ়িব পাৰেঃ কাশ্মীৰৰ প্ৰকৃতিৰ অনুপম থলী শ্বেহনাগ হ্ৰদৰ ফটো শ্বেয়াৰ ছাৰা আলী খানৰ

Next Story
চাকৰি