Begin typing your search above and press return to search.

প্ৰেম, ভালপোৱা ইত্যাদি আৰু শ্বেহনাজ গীল

অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বাস্তৱ জীৱনৰ সৈতে ছবিখনত তেওঁ কৰা চৰিত্ৰটিৰ বহু সমান্তৰাল কথা আছে।

প্ৰেম, ভালপোৱা ইত্যাদি আৰু শ্বেহনাজ গীল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Oct 2021 7:29 AM GMT


অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগে অধিক মৰ্মাহত কৰে তেওঁৰ প্ৰেমিকা তথা অভিনেত্ৰী শ্বেহনাজ গীলক। সম্প্ৰতি কিছুদিনৰ বিৰতিৰ অন্তত পুনৰ এবাৰ ডিলজীত দস্নাজ আৰু চমান বাজ্বাস'হ ৰূপালী পৰ্দালৈ "হৌচলা ৰখ" ছবিৰে আগমন ঘটাইছে অভিনেত্ৰীগৰাকীয়ে। ছবিখনৰ প্ৰমোচনৰ হেতু এখনি সভাত অভিনেত্ৰীগৰাকীয়ে ব্যক্ত কৰে নিজৰ আৰু সিদ্ধাৰ্থৰ সম্বন্ধৰ বিষয়ে কিছু কথা।

অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বাস্তৱ জীৱনৰ সৈতে ছবিখনত তেওঁ কৰা চৰিত্ৰটিৰ বহু সমান্তৰাল কথা আছে। তেওঁ কয়, "যেতিয়া আমি কাৰোবাক বহুত ভাল পাওঁ, তাৰ সৈতে আমাৰ এক এৰাব নোৱাৰা সম্বন্ধ গঢ়ি উঠে, সেই সম্বন্ধ অনুসৰি মই এটি অনুপাত হিচাপ কৰি উলিয়াইছো"। লগতে তেওঁ জানিবলৈ দিয়ে যে, "হৌচলা ৰখ" ছবিখনত তেওঁ এগৰাকী মাতৃৰ ভূমিকা আদায় কৰিব।

লগতে তেওঁ যোগ দিয়ে যে, "মাকৰ ভালপোৱা যি হয়, সেইয়া কেৱল এগৰাকী মাতৃয়েহে বুজিব পাৰে। মই সেই ভালপোৱা খিনি বুজিব পাৰোঁ কাৰণ মোৰ মায়েও মোক সিমানেই ভাল পায়"।

শ্বেহনাজে প্ৰকাশ কৰে যে, তেওঁ এখন ছবিত উপযোগী "প্ৰথম নায়ক, দ্বিতীয় নায়ক" আদিৰ দৰে শব্দ সমূহৰ ব্যৱহাৰ পছন্দ নকৰে আৰু কয় সকলো শিল্পীকে সমান চকুৰে চোৱা উচিত। "মই আৰম্ভণিৰে পৰা নিজৰ কামক লৈ ওলোটাই প্ৰশ্ন কৰাৰ সাহস ৰাখিছিলো, আৰু এই ক্ষেত্ৰত মোক সুযোগ দিছিল "বিগ বছ" নামৰ শ্ব'টোৱে। তাৰ পৰাই মই সকলোৰে মৰম পাবলৈ সক্ষম হ'লো, আৰু সেইখিনি বজাই ৰাখিবলৈ মই সদায় কষ্ট কৰি যাম"।


আৰু পঢ়িব পাৰেঃ "পেশীবহুল তাপসী" - ইতি টুইটাৰ ব্যৱহাৰকাৰী

শ্বেহনাজ গিল সহ ডিলজীত দস্নাজ আৰু চমান বাজ্বা অভিনীত ছবি "হৌচলা ৰখ"শুভ মুক্তি লাভ কৰিব অক্টোবৰ ১৫, 2021 তাৰিখে।

Next Story
চাকৰি