Begin typing your search above and press return to search.

শ্বেহনাজ গীলৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধাৰ্থ শুক্লাই

যেতিয়া সিদ্ধাৰ্থক জগাই তুলিবলৈ চেষ্টা কৰিছিল, তেওঁ লৰচৰ কৰা নাছিল

শ্বেহনাজ গীলৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধাৰ্থ শুক্লাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-03T15:13:42+05:30


বিগ বছ বিজয়ী অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। খবৰ অনুসৰি অভিনেতাগৰাকীয়ে বুধবাৰে নিশা অস্বস্তি অনুভৱ কৰিছিল। তেওঁৰ মাতৃ ৰীতা শুক্লা আৰু প্ৰেমিকা শ্বেহনাজ গীল দুয়োকে তেওঁৰ কাষত ৰাখিছিল । কিছু সময়ৰ পাছতে তেওঁ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে।

"সিদ্ধাৰ্থই শুব নোৱাৰি তেওঁ শ্বেহনাজক তেওঁৰ সৈতে থাকিবলৈ কয় আৰু পিঠিত লাহে লাহে ঢকিয়াই দিবলৈ কৈছিল," তেওঁৰ এজন আত্মীয়ই এনেদৰে কয়। প্ৰাপ্ত তথ্য অনুসৰি তেওঁৰ মাতৃ আৰু শ্বেহনাজ দুয়োজনে প্ৰথমে তেওঁক সুস্থ অনুভৱ কৰাবলৈ নেমু পানী আৰু পিছত আইচক্ৰীম আগবঢ়ায়, কিন্তু তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি অসুস্থতাৰ কথা কয়। , "নিশা প্ৰায় ১:৩০ বজাত সিদ্ধাৰ্থই শ্বেহনাজৰ কোলাত শোৱে। শ্বেহনাজও টোপনিৰ কোলাত ধলি পৰে আৰু পুৱা প্ৰায় ৭ বজাত যেতিয়া সাৰ পায়, শ্বেহনাজে সিদ্ধাৰ্থক নিশ্চল হৈ থকা প্ৰত্যক্ষ কৰে । আৰু যেতিয়া সিদ্ধাৰ্থক জগাই তুলিবলৈ চেষ্টা কৰিছিল, তেওঁ লৰচৰ কৰা নাছিল," আত্মীয়জনে এনেদৰে কয়।

খবৰ অনুসৰি শ্বেহনাজে ভয় খাইছিল আৰু পোনপটীয়াকৈ ৫ম মহলালৈ গৈছিল য'ত সিদ্ধাৰ্থৰ মাতৃ থাকে। অভিনেতাজনৰ ভগ্নীকো অৱগত কৰা হৈছিল আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসকক মাতি অনা হৈছিল, যিয়ে অভিনেতাজনক মৃত বুলি ঘোষণা কৰে।

আৰু চাব পাৰেঃ তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদ খালী

Next Story