Begin typing your search above and press return to search.

সুশান্ত ৰাজপুতৰ আত্মহত্যাঃ কৰণ জোহৰক তীব্ৰ সমালোচনা

আনকি ছবি পৰিচালকজন কথা ক’ব পৰা অৱস্থাত নাই বুলিও বন্ধুজনে জানিবলৈ দিছে।

সুশান্ত ৰাজপুতৰ আত্মহত্যাঃ কৰণ জোহৰক তীব্ৰ সমালোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2020 4:23 PM GMT

সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত অগনন লোকৰ সমালোচনাৰ লক্ষ্য হৈ পৰে বলিউদৰ একাংশ অভিনেতা-অভিনেত্ৰী তথা ছবি পৰিচালক। এইসকলে বলিউডত স্বজন-তোষণ বা নিপটিজম চলি আছে বুলি বিভিন্ন অভিনেতা-অভিনেত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সম্প্ৰতি সমালোচনাৰ জোৱাৰ তীব্ৰতৰ হৈছে পৰিচালক কৰণ জোহৰৰ বিৰুদ্ধে। এই কথা সদৰী কৰি তেওঁৰ এজন বন্ধুৱে কয় যে তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ সম্প্ৰতি জোহৰে চকুলেৰে বাট নেদেখা হৈ সময় অতিবাহিত কৰিছে। আনকি ছবি পৰিচালকজন কথা ক'ব পৰা অৱস্থাত নাই বুলিও বন্ধুজনে জানিবলৈ দিছে। উল্লেখ্য যে ৰাজপুতৰ আত্মহত্যাৰ পাছত আক্ৰমণৰ লক্ষ্য হৈ পৰে বলীউদৰ কিছু সংখ্যক তাৰকা অভিনেতা-অভিনেত্ৰী, চলচিত্ৰ নিৰ্মাতাৰ লগতে তেওঁলোকৰ সন্তান। ছ'চিয়েল মিডিয়াত আলিয়া ভাট, সোনম কাপুৰ, সোনাক্ষী সিনহা, কৰণ জোহৰ, ছলমান খানক বৰ্জন কৰিবলৈ আৰম্ভ হৈছে ব্যাপক জনমত সৃষ্টিৰ প্ৰয়াস।

Next Story
চাকৰি