Begin typing your search above and press return to search.

"ফেমিলী মেন ৩" ৰ চিত্ৰগ্ৰহণ কৰা হ'ব পাৰে উত্তৰ পূবত

তদুপৰি চিৰিজখনত দেখিবলৈ পোৱা গৈছিল আন বহুতো জনপ্ৰিয় অভিনেতা যেনে সমান্থা ৰুথ প্ৰভু, শাৰদ কেলকৰ, প্ৰীয়ামনি, চানী হিন্দুজা আদিক।

ফেমিলী মেন ৩ ৰ চিত্ৰগ্ৰহণ কৰা হব পাৰে উত্তৰ পূবত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2021 12:04 PM GMT


OTT প্লেটফৰ্মৰ জনপ্ৰিয় চিৰিজ ফেমিলি মেন ৰ লিখক সুমন কুমাৰে জনাইছে যে দুটি হিট খণ্ডৰ পাছত ফেমিলী মেন ৩ চিৰিজৰ তৃতীয় খণ্ডটো চিত্ৰগ্ৰহণ কৰা হ'ব পাৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত।

ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিৰ বিষয়ে ব্যক্ত কৰি লেখকগৰাকীয়ে প্ৰকাশ কৰে যে ভাৰত নিজৰ বাৰেৰহনীয়া সংস্কৃতিৰ বাবে অতিকৈ জনপ্ৰিয়। আৰু এই OTT প্লেটফৰ্ম সমূহে আমাক ভাৰতৰ ভিন্ন প্ৰান্তৰ সৈতে চিনাকি হৈ উঠাত সহযোগিতা প্ৰদান কৰে। অৱশ্যে "ফেমিলি মেন ৩" ৰ মুকলি সম্বন্ধীয় কোনো কথাই বৰ্তমান সময়লৈকে প্ৰকাশ পোৱা নাই।

আমাজন প্ৰাইম ভিডিঅ' যোগে সম্প্ৰচাৰিত চিৰিজ খনৰ প্ৰথম দুটি অধ্যায়ে দৰ্শকৰ পৰা অভূতপূৰ্ব সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল। চিৰিজ খনৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল মনোজ বাজপেয়ীক। আৰু মুখ্য চৰিত্ৰটোৱে সন্মুখীন হব লগীয়া ভিন্ন পৰিস্থিতিৰ ওপৰতেই ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল ফেমিলি মেন।

তদুপৰি চিৰিজখনত দেখিবলৈ পোৱা গৈছিল আন বহুতো জনপ্ৰিয় অভিনেতা যেনে সমান্থা ৰুথ প্ৰভু, শাৰদ কেলকৰ, প্ৰীয়ামনি, চানী হিন্দুজা আদিক।


আৰু চাব পাৰেঃ আই.অ' চিত ১৯৬৮ টা টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিচৰ পদখালী

Next Story
চাকৰি