Begin typing your search above and press return to search.

বিকি কৌশলৰে সম্পৰ্কৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে কেটৰিনা কাইফে

বিকি কৌশল আৰু অভিনেত্ৰী কেটৰিনাৰ প্ৰেম সম্পৰ্কীয় আলোচনাই সম্প্ৰতি চৰম সীমা পাইছে।

বিকি কৌশলৰে সম্পৰ্কৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে কেটৰিনা কাইফে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Oct 2021 8:11 AM GMT

সঁচাকৈয়ে বিবাহপাশত আবদ্ধ হ'বলৈ হৈ আছে নেকি কেটৰিনা কাইফ আৰু বিকি কৌশল ? জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী দুগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আৰু তেওঁলোকৰ বিয়াৰ খবৰ যোৱা কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আছে। কিন্তু এই খবৰবোৰৰ সত্যতা কিমান?

বিকি কৌশল আৰু অভিনেত্ৰী কেটৰিনাৰ প্ৰেম সম্পৰ্কীয় আলোচনাই সম্প্ৰতি চৰম সীমা পাইছে। বহু সংবাদ মাধ্যম অনুসৰি অচিৰেই বিবাহপাশত আবদ্ধ হ'ব দুয়ো। পিছে এই সন্ধৰ্ভত কোনো ধৰণৰ মত প্ৰকাশ কৰা নাছিল দুয়োগৰাকীয়ে।

অনুৰাগীসকলৰ মাজত অভিনেতা-অভিনেত্ৰীদ্বয়ৰ বিবাহৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে ভিন্ন সংবাদ মাধ্যম আগবাঢ়ি আহিছিল ইয়াৰ উত্তৰলৈ। বাতৰি অনুসৰি অহা ডিচেম্বৰত দুয়োৱে আবদ্ধ হ'ব বিবাহপাশত। পৰিধান কৰিব সব্যসাচীৰ দ্বাৰা ডিজাইন কৰা লেহেংগা। আৰু এই বিবাহ সমাপন কৰা হ'ব ৰাজস্থানত।

পিছে এই বিতৰ্কিত বাতৰিৰ অৱশেষত অভিনেত্ৰীগৰাকী নিজেই আগবাঢ়ি আহিছে বিকি কৌশল আৰু তেওঁৰ সম্পৰ্কৰ বিষয়ে উত্থাপন হোৱা প্ৰশ্ন সমূহৰ উত্তৰ লৈ। বিয়া সম্বন্ধীয় সকলো বাতৰিতে অমান্তি প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে কয়, "এই প্ৰশ্ন প্ৰায় ১৫বছৰৰ পৰা মোৰ লগত আছে"। অন্য এক তথ্যই জনাই যে এই সকলো বাতৰি মিছা। দুয়ো গৰাকী অভিনেতাৰে বৰ্তমান লৈকে এনে কোনো ধৰণৰ পৰিকল্পনা নাই। এনেধৰণৰ মিছা আৰু ভুৱা বাতৰি প্ৰকাশ কৰাটো আজি কালি মানুহৰ ফেশ্বন হৈ পৰিছে।

ইয়াৰোপৰি অভিনেতা বিকি কৌশলে এটি ৰেডিঅ' শ্ব' যোগে কেটৰিনাৰ সৈতে অংগুতি পিন্ধোৱাৰ কথা লৈ প্ৰকাশ কৰিছিল যে তেওঁ বৰ্তমান এনে ধৰণৰ কথা ভাবিব পৰা অৱস্থাত নাই। ধেমালি সুৰেৰে অভিনেতা গৰাকীয়ে কৈছিল যে, সংবাদ মাধ্যমে নিজেই এই খবৰ টোত পোৱা ৯বজাত সম্প্ৰচাৰ কৰে আৰু আবেলি ৪:৩০বজালৈকে নিজেই ইয়াৰ বিৰোধিতা কৰে। লগতে তেওঁ যোগ কৰে যে বৰ্তমান তেওঁৰ সম্পূৰ্ণ ধ্যান কেৱল নিজৰ কামৰ ওপৰত। অভিনেত্ৰী গৰাকীৰ দলেও এই বাতৰিত অমান্তি প্ৰকাশ কৰিছিল আৰু বৰ্তমান অভিনেত্ৰী গৰাকী ব্যস্ত নিজৰ কাম আৰু কেৰিয়াৰক লৈ।

আৰু চাব পাৰেঃ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত পৰামৰ্শদাতাৰ পদ খালী

Next Story
চাকৰি