এচিএছ বিষয়াৰ নাটনিয়ে বিপদত পেলাইছে ৰাজ্য প্ৰশাসনক

এচিএছ বিষয়াৰ নাটনিয়ে বিপদত পেলাইছে ৰাজ্য প্ৰশাসনক
Published on

প্ৰশাসনিক বিষয়াসকলৰ নাটনিৰ বাবে ৰাজ্যৰ প্ৰশাসনত যথেষ্ঠ প্ৰভাৱ পৰিছে।ৰাজ্য চৰকাৰে তৃণমূল পৰ্য্যায়ৰ কামবিলাক প্ৰশাসনিক বিষয়া সকলৰ নাটনিৰ বাবে মসৃণভাৱে হোৱা নাই।চৰকাৰী তথ্য অনুসৰি অসম প্ৰশাসনীয় সেৱাত ২১৪ টা পদ খালী হৈ থকাত ৰাজ্যৰ প্ৰশাসনৰ কাম-কাজ খিনি নিমজ ভাৱে হোৱা নাই।এপিএছচি কেলেঙ্কাৰীৰ পাছত ১৯ জনক নিলম্বন কৰাৰ লগতে ১৩ জনৰ কেচ চলি থকাত ডাঙৰ বিপদৰ সন্মূখিত হৈছে ৰাজ্য প্ৰশাসন।২০১৫ আৰু ২০১৬ চনৰ বেষ্টৰ ওপৰত ডিব্ৰুগড় আৰক্ষীয়ে অনুসন্ধান চলাই থকাত আৰু বিষয়া জালত পৰা সম্ভাৱনা আছে।প্ৰাপ্ত তথ্য অনুসৰি ২০১৯ চনত ৯৫ জন আৰু ২০২০ চনত ১৩৫ জন নতুন প্ৰশাসনিক বিষয়াক নিযুক্তি দিয়া হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com