কলিকতাত চাৰি জন অসমৰ যুৱকৰ মৃত্যু

কলিকতাত চাৰি জন অসমৰ যুৱকৰ মৃত্যু
Published on

পশ্চিমবংগৰ হাওৰাৰ বাগনান অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন চালকৰ লগতে নামনি অসমৰ চাৰি জন যুৱকৰ মৃত্যু ঘটিছে।

তেওঁলোক এখন ইন'ভা গাড়ীয়ে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন গেছ টেংকাৰৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

নলবাৰী জিলাৰ মুকালমুৱাৰ চাহিদুৰ ৰহমাৰ পুত্ৰ টাৰিকুল ইচলামৰ লগতে তেওঁৰ বন্ধু ক্ৰমে বাকটিয়াৰ, ৰাহুল আলি, চান্দ মহম্মদ আলি আৰু মাজাফাৰ আলিৰ মৃত্যু হয়।

গাড়ী খনৰ চালক চেইখ ইমটিয়াজৰো দুৰ্ঘটনাত মৃত্যু হয়।গুৰুত্বৰভাৱে আহত যুৱক সকলক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com