ট্ৰেইনত বিনামূলীয়া ৱাই-ফাই

ট্ৰেইনত বিনামূলীয়া ৱাই-ফাই
Published on

উত্তৰ-পূৱ সীমান্ত ৰেলৱে ট্ৰেইনত পৰীক্ষামূলক ভাৱে প্ৰৱৰ্তন কৰা বিনামূলীয়া ৱাই-ফাই ব্যাৱস্থাৰ বহুল জনপ্ৰিয়তাৰ পিছত অন্যান্য যাত্ৰীবাহী ট্ৰেইন

সমূহতো বিনামূলীয়া ৱাই-ফাই সংযোগ কৰাৰ বাবে আগবাঢ়িছে। প্ৰথমবাৰৰ বাবে ২০৫০১/২০৫০২ নম্বৰৰ আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছত বিনামূলীয়া ৱাই-ফাই ব্যাৱস্থাৰ প্ৰৱৰ্তন কৰাৰ পিছত যাত্ৰী সকলে বহুল ভাবে ইয়াক আদৰি লয়। যাত্ৰী সকলে ব্যাক্তিগত মোবাইল ফোন, লেপটপ আৰু অন্যান্য বৈদ্যুতিন মাধ্যমেৰে বিনামূলীয়া পৰিসেৱা বিধৰ লাভ গ্ৰহণ কৰে। পৰীক্ষামূলক এই পদক্ষেপৰ সফলতাৰ পাছত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ৱাই-ফাই সংযোগৰ সুবিধাযুক্ত অন্য ট্ৰেইন সমূহতো সকলো যাত্ৰীৰ বাবে বিনামূলীয়া ৱাই-ফাইৰ সংযোগ প্ৰদানৰ বাবে আগবাঢ়িছে।

প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰেলৱেই ৱাই-ফাই সংযুক্ত কৰিছিল হাওৰা-দিল্লী ৰাজধানী এক্সপ্ৰেছত তাৰ পাছৰ পৰা ভাৰতীয় ৰেলৱেই অন্য ৰাজধানী, শতাব্দী,দুৰন্ত এক্সপ্ৰেছ সমুহত ১০০ কিলোমিটাৰৰো অধিক বেগত গতি কৰিলেও ব্যাহত নোহোৱাকৈ বিনামূলীয়া ৱাই-ফাই সংযোগ কৰাৰ কাম পৰ্যায়ক্ৰমে কৰি আহিছে।ৰেলৱেৰ এই সেৱাৰ প্ৰৱৰ্তনে যাত্ৰী সকলক ৰেলযাত্ৰাৰ বাবে আৰু অধিক আগ্ৰহী কৰি তুলিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com