আমি সকলোৱে জীৱনত আগবাঢ়ি যাওতে প্ৰায়ে থমকি ৰ’ব লগা হয় । প্ৰায় সংখ্যক লোকৰ আকৌ জীৱনৰ কোনো এক ক্ষণত যদি বিফল হয় তেতিয়া হতাশাৰ সন্মুখীন হয়। কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) দেশৰ ছাত্ৰ আৰু অভিভাৱকক উদ্দেশ্য কৰি জীৱনত সফলতা লাভ কৰিবৰ কাৰণে আগবঢ়ালে এক বিশেষ ভাষণ ৷ দেখা যায় যে প্ৰধানমন্ত্ৰী মোডীৰ তেজস্বী ভাষণে মন্ত্ৰমুগ্ধ কৰে শ্ৰতাক ৷গতিকে আগন্তুক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কাৰণে সাজু হোৱা শিক্ষাৰ্থী সকলক প্ৰধানমন্ত্ৰীৰ এই ভাষণে যথেষ্ট সহায় কৰিব ৷ আহক চাওঁ প্ৰধান মন্ত্ৰী মোডীয়ে দিয়া ভাষনৰ কিয়দাংশঃ
সম্প্ৰতি প্ৰযুক্তি বিদ্যাৰ যুগ ৷ প্ৰযুক্তি বিদ্যাই সকলো ক্ষেত্ৰতে যথেষ্ট সহায় কৰিছে সৰ্বত্ৰে ৷প্ৰধানমন্ত্ৰী মোডীৰ মন্তব্য অনুসৰি প্ৰযুক্তি বিদ্যাৰ সমস্যাও আছে আৰু সমাধানো আছে ৷ জীৱনত আগবাঢ়িবলৈ হ’লে নিত্য নতুন প্ৰযুক্তি বিদ্যাৰ লগতে চিনাকী হ’বই লাগিব ৷গতিকে সন্তানৰ লগত অভিভাৱক সকলেও প্ৰযুক্তি বিদ্যাৰ লগত সমানে আগবাঢ়ি যাব লাগিব ৷লগতে প্ৰযুক্তি বিদ্যা সম্বন্ধীয় যিকোনো প্ৰশ্নৰ উত্তৰ নিজৰ সন্তানৰ লগত আলোচনা কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব লাগে ৷
আমাৰ সকলোৰে জীৱনৰ এক লক্ষ্য থাকে বা লক্ষ্য থকাটো অত্যন্ত জৰুৰী ৷কিন্তু যদি জীৱনৰ লক্ষ্যটো ডাঙৰ নহয়,তেন্তে ইয়াৰ সিদ্ধান্তও নহয় বা লক্ষ্য প্ৰাপ্তিৰ পথত আমি থমকি ৰ’ব লগা হ’ব পাৰে ৷ গতিকে সন্মুখত লক্ষ্যক স্পষ্ট ৰূপত ৰাখি প্ৰথমতে নিজক বুজিব লাগে ৷লগতে লক্ষ্যত উপনীত হ’বৰ কাৰণে আঁচনি তৈয়াৰ কৰিব লাগে ৷কাৰণ জীৱনত সামৰ্থবান হ’বৰ কাৰণে জীৱনত লক্ষ্যত উপনীত হোৱাটো অত্যন্ত জৰুৰী ৷
আমি প্ৰায়ে আমাৰ পৰীক্ষা সমূহৰ কাৰণে ভয় কৰোঁ ৷কিন্তু মনত ৰখা উচিত যে পৰীক্ষা শ্ৰেণীকোঠাৰহে জীৱনৰ নহয় । গতিকে যেতিয়াই এই কথাষাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকে বুজি উঠিব তেতিয়াই জীৱনৰ বাটত হেলাঙৰে আগবাঢ়ি যাব ৷
সময় গতিশীল ৷সময় কাৰোৰে কাৰণে ৰৈ নাথাকে ৷গতিকে সময়ৰ কাম সময়ত কৰিব লাগে ৷ আৰু সময়ৰ কাম কেনেদৰে সময়ত কৰিব পাৰি সেয়া আমাৰ জন্মদাত্ৰী মাতৃতকৈ ভাল উদাহৰণ কোনো হ’ব নোৱাৰে ৷কাৰণ ২৪ ঘন্টায়েই সকলো কাম নিয়াৰিকৈ কৰা একমাত্ৰ মহিলাগৰাকীয়েই হ’ল আমাৰ মা ৷
পৰীক্ষালৈ কেতিয়াও ভয় কৰিব নালাগে ৷কাৰণ পৰীক্ষাই আমাৰ জ্ঞানৰ পৰিসৰ জোখাত সহায় কৰে।লগতে পৰীক্ষাই জীৱনৰ প্ৰত্যাহ্বান সমূহ পাৰ কৰাত সহায় কৰে । উদাহৰণ স্বৰূপে এজন আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপতত খ্যাতি লাভ কৰা ব্যক্তিয়ে প্ৰথমতে বিদ্যালয়,জিলা,ৰাজ্য বা ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰে ৷ অন্যহাতে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি জীৱনৰ পথত আগবাঢ়ি যাব লাগে৷
আমি আমাৰ ভৱিষ্যতে কি কৰিম,কি হ’ম এই সমূহ সিদ্ধান্ত লোৱাৰ প্ৰাকমুহুৰ্তত প্ৰথমতে নিজক বুজি উঠিব লাগে,যে কোনটো বিষয়ত আমাৰ ৰুছি আছে ৷কাৰণ প্ৰায়ে আমাৰ কেৰিয়াৰ নিৰ্বাচন কৰাত অভিভাৱক সকলে হস্তক্ষেপ কৰে ৷গতিকে কেৰিয়াৰ নিৰ্বাচন কৰাৰ আগত অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰিহে নিজৰ সিদ্ধান্তত উপনীত হ’ব লাগে ৷
প্ৰায়ে দেখা যায় যে অভিভাৱক সকলে আন ছাত্ৰ ছাত্ৰী সকলৰ উদাহৰণ দি নিজৰ সন্তানক আগবাঢ়ি যাবলৈ কয় ৷ কেতিয়াবা আকৌ শিক্ষকে শ্ৰেণী কোঠাত ভাল ছাত্ৰ ছাত্ৰীসকলকহে অধিক গুৰুত্ব দিয়ে ।কিন্তু এনে ধৰণৰ কাৰ্যই অন্যান্য ছাত্ৰ ছাত্ৰীসকলক নিৰাশা কৰে ৷কিন্তু এনে ধৰণৰ কাৰ্য দুৰ্ভাগ্যজনক ৷গতিকে ৯০ শতাংশ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ লগত তুলনা কৰাতকৈ প্ৰথমবাৰ ৫০ শতাংশ লাভ কৰি দ্বিতীয়বাৰ ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ কথাহে ক’ব লাগে ৷
অন্যহাতে ভাৰতৰ দৰে দেশত হতাশা এক প্ৰধান সমস্যা ৷গতিকে যেতিয়াই সন্তান হতাশা জনক পৰিস্থিতিত পৰে তেতিয়াই পিতৃ মাতৃয়ে এই হতাশ দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে । সন্তানৰ লগত কথা পাতি লাগে বা আলোচনা কৰিব লাগে ৷প্ৰায়ে দেখা যায় যে হোষ্টেল বা বাহিৰত পঢ়া আৰু থকা ল’ৰা ছোৱালীয়ে হতাশাত ভূগে ৷এনে ধৰণে কোনো কথাক লৈ হতাশ হ’লে সেই কথাসমূহ এখন কাগজত লিখিব লাগে ৷লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি মনৰ বোজা মুকলি কৰিব পাৰে ৷
এয়া আছিল প্ৰধানমন্ত্ৰী মোডীৰ দেশৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকললৈ আগবঢ়োৱা পৰামৰ্শ ৷ আজিৰ শিশু কাইলৈ ভৱিষ্যত ৷গতিকে শিশু সকল বা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাত অত্যন্ত জৰুৰী ৷কাৰণ সকলোৰে সহযোগতহে এখন সুস্থ সবল দেশ স্থাপন কৰিব পাৰিব ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি