পোদ্দাৰৰ লগত সম্পৰ্ক থকা কথা অস্বীকাৰ হিমন্তৰ, ১০০ কৌটি টকাৰ চ্যু

পোদ্দাৰৰ লগত সম্পৰ্ক থকা কথা অস্বীকাৰ হিমন্তৰ, ১০০ কৌটি টকাৰ চ্যু
Published on

যোৱা কেইদিনমানৰ পৰা এবিপি নিউজ টিভিৰ এটা বাতৰিত অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীস্থ সম্পত্তিত আয়কৰ বিভাগৰ দ্বাৰা ৰেদ পৰা এজন স্বঘোষিত 'ক্ষমতা দালাল' অনুজ পোদ্দাৰৰ লগত সম্পৰ্ক থকা বুলি প্ৰচাৰ কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ যোগেদি জনায় এই সম্পৰ্কৰ কথা অস্বীকাৰ কৰে আৰু তেওঁ এবিপি নিউজৰ বিৰুদ্ধে কামৰূপ জিলাৰ চিভিল ন্যায়াধীশৰ ওচৰত ১০০ কৌটি টকাৰ মানহানিৰ গোচৰ তৰিছে বুলিও জনায়। আনহাতে, বিৰোধী নেতা দেৱব্ৰত শইকীয়াই মূখ্যমন্ত্ৰীলৈ তেওঁৰ ব্যক্তিগত নিৰীক্ষণত এই বিষয়ে অনুসন্ধান কৰিবলৈ চিঠি জৰিয়তে অনুৰোধ জনায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com