

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া অসমত অব্যাহত আছে। ভাৰত বৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী ৰাজ্যৰ নাগৰিক পঞ্জী কতৃপক্ষই এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে চেষ্টা কৰি আহিছে। এইবাৰ নাগৰিকপঞ্জী সন্দৰ্ভত আন এক জাননী প্ৰদান কৰিলে ৰাজ্যিক নাগিৰক পঞ্জী কতৃপক্ষই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু আবেদন প্ৰক্ৰিয়াৰ সময়ত কোনো লোকে সম্পূৰ্ণ নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে যদিহে মিছা তথ্য প্ৰদান কৰে তেনেহলে সেয়া মিছা বুলি প্ৰমাণ হ'লে ভূৱা তথ্য প্ৰদান কৰা ব্যক্তি জন দণ্ড প্ৰদান কৰা হব। এই দণ্ড হব পাৰে কাৰাবাস অথবা জৰিমনা অথবা কাৰাবাস আৰু জৰিমনা দুয়োটা।
অসমত নাগৰিক পঞ্জী আইন ১৯৫৫ আৰু ২০০৩ চনৰ নাগৰিকত্ব পঞ্জীয়ণ আইন অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছে। এই চুক্তিত স্পষ্ট ভাষাৰে ভূৱা তথ্য প্ৰদান কৰা সকলৰ বিষয়ে দণ্ডৰ ব্যৱস্থাৰ উল্লেখ কৰা আছে। নাগৰিকত্ব আইন ১৯৫৫ চনৰ ১৭ নং অধ্যায় অনুসৰি উল্লেখ আছে যে যি সকল লোকে এই আইন অনুসৰি কাম কৰি আছে তেওঁলোকে জানি অথবা অজানিতে যদিহে ভূৱা তথ্য প্ৰদান কৰে তেন্তে তেওঁলোক ছয়মাহ পৰ্য্যন্ত কাৰাবাস প্ৰদান কৰা হব অন্যথা জৰিমনা বিহা হব। এই আইনৰ অংশ স্বৰূপে ৰাজ্যখনত ইতিমধ্যে ৬০০ ৰো অধিক লোকক ভূৱা তথ্য প্ৰদান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই লোক সকলৰ অধিকাংশই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ সময়ত ভূৱা তথ্যৰে নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব খোজা লোক। এতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ পোৱাৰ পিছত নাগৰিক আইন-১৯৫৫ ৰ ১৭ নং অধ্যায়ত উল্লেখ থকা শাস্তি নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তিৰ সময়ত ভূৱা তথ্য প্ৰদান কৰা সকলৰ কাৰণে ভয়ৰ কাৰণ হৈ পৰিছে।
নাগৰিক পঞ্জী কতৃপক্ষই বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰকাশৰ জৰিয়তে ভূৱা তথ্য প্ৰদান কৰা সকলক শাস্তি প্ৰদান কৰাৰ কথাও সবিস্তাৰে প্ৰকাশ কৰিছে। নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তিৰ আবেদনৰ সময় সীমা শেষ হবলৈ মাজত শুক্ৰবাৰ, শনিবাৰ আৰু সোমবাৰ তিনিটা কাৰ্য্য দিন বাকী আছে। এতিয়ালৈ প্ৰায় ২৭ লাখ লোকে দাবী আৰু আপত্তিৰ বাবে আবেদন কৰিছে। নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তিৰ শুনানি ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ব হব।অসমত সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে ৰাইজক আবেদন কৰি আহিছে। উচ্চতম ন্যায়লয়ে কিছুদিন পূৰ্বে দাবী আৰু আপত্তিৰ সময়সীমা ১৫ ডিচেম্বৰৰ পৰিবৰ্তে ৩১ ডিচেম্বৰলৈ পোন্ধৰ দিনৰ বাবে বৃদ্ধি কৰিছিল।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি