Begin typing your search above and press return to search.

চাবুৱাৰ আৰ ডি ধাবাৰ পৰা ২০ হেজাৰ লিটাৰ ভেজাল ডিজেল জব্দ

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অমৃত ওৰাং নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে।

চাবুৱাৰ আৰ ডি ধাবাৰ পৰা ২০ হেজাৰ লিটাৰ ভেজাল ডিজেল  জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-25T11:11:27+05:30

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতো একাংশ অসাধু লোকে ক'লা ব্যৱসায় চলাই আহিছে। চৰা দামৰ মাজতো গ্ৰাহকক লুণ্ঠন চলাই ভেজাল ডিজেলৰ ব্যৱসায় চলাই অহা এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ চাবুৱাৰ আৰ ডি ধাবাৰ পৰা ২০ হেজাৰ লিটাৰ ভেজাৰ ডিজেল জব্দ কৰে। প্ৰাপ্ত তথ্য অনুসৰি ধাবাখনত ৰখাই থোৱা তিনিখন টেংকাৰৰ পৰা এই ভেজাল ডিজেলখিনি জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অমৃত ওৰাং নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে।

তদুপৰি অভিযানকাৰী আৰক্ষীয়ে ভেজালকাৰকৰূপে ব্যৱহাৰ কৰা পাঁচ লিটাৰ নাইট্ৰিক এচিড, ২০ কিলোগ্ৰাম ভেজালকাৰক পাউডাৰ, দুটা বৈদ্যুতিক মটৰ দুখন চাইকেল, এখন স্কুটী আৰু এটা ৰাসায়নিক টেষ্টিং কিটো জব্দ কৰে। এই কথা সদৰী কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই।

আৰু পঢ়িব পাৰেঃ উদ্যোগ-প্ৰতিষ্ঠানসমূহক সংবেদনশীল হোৱাৰ পৰামৰ্শ ৰতন টাটাৰ

Next Story