কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈ ক'ৰ'না মহামাৰীত আক্ৰান্ত বুলি একাংশ মাধ্যমে প্ৰচাৰ কৰিছে। এনে বাতৰি অনুসৰি আজি বৃহস্পতিবাৰে কৃষক মুক্তিৰ নেতাজনৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। অৱশ্যে চৰকাৰী সূত্ৰই দ্যা ছেণ্টিনেল ডিজিটেলক জনোৱা মতে, কৃষক মুক্তিৰ নেতাজনৰ নমুনা পৰীক্ষা ৰেপিড এণ্টিজেনযোগে কাৰাগাৰতে কৰা হয়। এই পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে বুলি সূত্ৰটোৱে দাবী কৰে। অৱশ্যে তেওঁৰ দুজন ঘনিষ্ঠ সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ হৈছে। এই সম্পৰ্কত এজন চৰকাৰী বিষয়াই কয়, " গগৈৰ দুজন সতীৰ্থৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদনত পজিটিভ ওলাইছে। কিন্তু গগৈ আৰু তেওঁৰ আন এজন সতীৰ্থ মানস কোঁৱৰৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদনত ফলাফল নিগেটিভ ওলাইছে।অখিলৰ অৱস্থা এতিয়া ভাল"।আনহাতে, একাংশ সংবাদ মাধ্যমত চলা প্ৰচাৰ অনুসৰি সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অখিলৰ শৰীৰত ক'ৰ'নাত আক্ৰান্ত
হোৱাৰ লক্ষণ ফুটি উঠিছিল। সম্প্ৰতি অখিলৰ মুক্তিৰ দাবীত বহু লোক সৰৱ হৈ উঠিছে।