Begin typing your search above and press return to search.

২৫শতাংশ শুল্ক বৃদ্ধিঃ সুৰাৰ পৰা বছৰি অতিৰিক্ত এহেজাৰ কোটি সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ

কেবিনেটে সৰ্বাধিক ২০জন কৰ্মচাৰী থকা কল-কাৰখানাসমূহকো পঞ্জীয়নৰ পৰা ৰেহাই দিয়ে।

২৫শতাংশ শুল্ক বৃদ্ধিঃ সুৰাৰ পৰা বছৰি অতিৰিক্ত এহেজাৰ কোটি সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2020 4:41 AM GMT

কৱিড-১৯মহাৰাৰী ৰোধৰ উদ্দেশ্য ঘোষিত তলাবন্ধই জোঁকাৰি পেলোৱা ৰাজ্যৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ এলানি পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ অংশস্বৰুপে সুৰাৰ ওপৰত আৰোপিত শুল্ক ২৫শতাংশ বৃদ্ধি কৰি ৰাজ্য চৰকাৰে বছৰি অতিৰিক্ত এহেজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে ৷ কালি বিয়লি পাঁচ বজাত অসম কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সুৰাৰ ওপৰত আৰোপিত শুল্ক বৃদ্ধিকে ধৰি অৰ্থনীতিক পুনৰুদ্ধাৰৰ এলানি আঁচনি হাতত লোৱা হয় ৷ বৈঠকত ৰাজ্যৰ চাহ বাগিচাসমূহক সম্পূৰ্ণ কৰ্মবল(Workforce) নিয়োগেৰে ল'ক-ডাউনৰ সময়ছোৱাতো কাম-কাজ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়৷ অৱশ্যে ক'ৱিড-১৯ প্ৰতিৰোধৰ সকলো নীতি-নিয়ম মানি চলিবলৈ চাহ বাগিচাসমূহলৈ নিৰ্দেশনা জাৰিৰ প্ৰস্তাৱ লোৱা হয়।বৈঠকৰ সিদ্ধান্ত অনুসৰি এই নীতি-নিয়মসমূহ মানি চলাটো বাগিচাসমূহৰ পৰিচালনা কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব।

আনহাতে, কল-কাৰাখানাৰ পঞ্জীয়নৰ ক্ষেত্ৰত থকা বৰ্তমানৰ নীতি-নিয়ম সাল-সলনিত কেবিনেটে অনুমতি দিয়ে। উল্লেখ্য যে বৰ্তমানে বিদ্যুত সংয়োগ থকা আৰু সৰ্বাধিক ১০ জন কৰ্মচাৰী থকা কাৰখানাসমূহে চৰকাৰৰৰ ওচৰত পঞ্জীয়ন কৰোৱাৰ প্ৰয়োজন নাই। কালিৰ কেবিনেটে সৰ্বাধিক ২০জন কৰ্মচাৰী থকা কল-কাৰখানাসমূহকো পঞ্জীয়নৰ পৰা ৰেহাই দিয়ে।একেদৰে বিদ্যুত সংযোগ নথকা তল-কাৰখানাসমূহে সৰ্বাধিক ৪০জন কৰ্মচাৰী থকালৈকে চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰাব নালাগে।বৰ্তমানে এনে কাৰখানাত সৰ্বাধিক ২০জন কৰ্মচাৰী থাকিলে এনে সুবিধা ভোগ কৰিছিল। ইপিনে, এই কেবিনেট বৈঠকে শ্ৰম আইনৰ সংশোধন ঘটোৱাত অনুমতি দিয়ে। এই সংশোধিত শ্ৰম আইন অনুসৰি কোম্পানীসমূহে ছিফট ডিউটীৰ সময় আঠ ঘণ্টাৰ পৰা ১২ ঘণ্টা কৰিব পাৰিব। তদুপৰি সৰ্বাধিক ৫০জন শ্ৰমিক-কৰ্মচাৰী থকা কোম্পানীসমূহক শ্ৰম আইনৰ অধীনলৈ ননাৰ ব্যৱস্থাও কৰে এই কেবিনেট বৈঠকে।

উল্লেখ্য যে দুদিন পূৰ্বে ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে অলপতে গঠন কৰা অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ সৈতে ব্ৰহ্মপুত্ৰৰ ৰাজ্যিক অতিথিশালাত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ।

ক'ৱিড-১৯ ৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিয়ে ৰাজ্যৰ অৰ্থনীতিলৈ নমাই অনা মন্দাৱস্থা দূৰীকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে সমিতি পৰা পৰামৰ্শ বিচাৰে।

অৰ্থনীতিৰ দ্ৰুত উত্থান আৰু নিয়োগৰ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত কৃষি আৰু সংলগ্ন খণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰি সোণোৱালে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তেওঁ কয় যে বজাৰ সংযোগীকৰণৰ অভাৱেই কৃষক, বিশেষকৈ যুৱ-প্ৰজন্মক অনুত্সাহিত কৰিব পাৰে। সেয়েহে এয়া সুনিশ্চিত কৰা জৰুৰী যে কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী নষ্ট নহয় ।

Next Story