Begin typing your search above and press return to search.

অসমলৈ অহা বিমানযাত্ৰীৰ বাবে এছ অ' পি মুকলি ৰাজ্য চৰকাৰৰ

এই এছ অ’ পিৰ জৰিয়তে কেতবোৰ নীতি-নিয়মাৱলী প্ৰকাশ কৰিছে।

অসমলৈ অহা বিমানযাত্ৰীৰ বাবে এছ অ পি মুকলি ৰাজ্য চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 May 2020 7:36 AM GMT

বিমানযাত্ৰীৰ বাবে এছ অ' পি মুকলি অসম চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পূৰ্বে কৰা ঘোষণা অনুসৰি আজি এখন যাত্ৰীবাহী বিমান গুৱাহাটীত উপস্থিত হ'ল ৷ ইন্দিগো সংস্থাৰ৷বিমানে দেশৰ ভিতৰতে চলাচল কৰিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বিমানযাত্ৰী, বিমান কৰ্মচাৰী আদিৰ বাবে এক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ(এছ অ' পি) মুকলি কৰিছে। এই এছ অ' পিৰ জৰিয়তে কেতবোৰ নীতি-নিয়মাৱলী প্ৰকাশ কৰিছে। এই নীতি-নিয়মাৱলীসমূহ এনেধৰণৰঃ

১) অসমত উপস্থিত হোৱা বিমানযাত্ৰীক বিমানকোঠত যাত্ৰীসকলৰ যন্ত্ৰৰ সহায়ত শৰীৰৰ তাপমাত্ৰা জোখা হ'ব। ক'ৰ'নাৰ লক্ষণে দেখা দিয়া যাত্ৰীক নিকটৱৰ্তী স্ক্ৰীণিং চেণ্টাৰলৈ নিয়া হ'ব।

২) যাত্ৰীবাহী বিমানেই হওক বা মালবাহী বিমানেই হওক, কোনো বিমানৰে বৈমানিক, বিমান কৰ্মচাৰী আদিক কোৱাৰেণ্টিন কৰা নহয়।

৩) ক'ৰ'না লক্ষণে দেখা নিদিয়া যাত্ৰীক অন্ততঃ ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টিন অথবা সংযুক্ত কোৱাৰেণ্টিন চেণ্টাৰত ৰখা হ'ব।

৪) আনুষ্ঠানিক কোৱাৰেণ্টিন কৰা ক'ৰ'নাৰ লক্ষণে দেখা নিদিয়া বিমানযাত্ৰীক সাতদিনৰ বাবে বা নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ নোপোৱালৈকে কোৱাৰেণ্টিনত ৰখা হব।যদি নমুনা পৰীক্ষাত ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত নহয়, তেন্তে তেনে যাত্ৰীক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হ'ব।

৫) ক'ৰ'না লক্ষণে দেখা নিদিয়া কামৰূপ(মহানগৰ), দৰং, মৰিগাঁও আৰু হোজাইৰ বিমানযাত্ৰীক সৰুসজাই বা কিৰণশ্ৰী গ্ৰেণ্ডলৈ প্ৰেৰণ কৰা হ'ব। তাত তেওঁলোকৰ থু-খেকাৰ আদি সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব।

Next Story