দিহিং পাটকাইত কয়লা খননৰ বিৰোধিতা এ এছ ডব্লিউ এৰ

দিহিং পাটকাইত কয়লা খননৰ বিৰোধিতা এ এছ ডব্লিউ এৰ
Published on

দিহিং পাটকাইত কয়লা খননৰ বিৰোধিতা এ এছ ডব্লিউ এৰ

অসম বিজ্ঞান লেখক সমিতি(এ এছ ডব্লিউ এ) বিজ্ঞান লেখক, বৈজ্ঞানিক, শিক্ষাবিদ, বিভিন্ন শ্ৰেণীৰ বিশিষ্ট ব্যক্তিৰ এখন মঞ্চ। এই মঞ্চই দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমান্তত অৱস্থিত ছালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ( proposed reserve forest)ৰ অভ্যন্তৰত কয়লা খননৰ বাবে চৰকাৰে দিয়া অনুমোদনৰ বিৰোধিতা কৰিছে ।

সমিতিৰ সভাপতি ধীৰেণ ডেকাই এক বিবৃতিত কয় যে ছালেকী প্ৰস্তাৱিত সংৰক্ষিত দিহিং পাটকাই হস্তী অভয়াৰণ্যৰে এক অংশ আৰু ই পৰিৱেশ সংবেদনশীল মণ্ডলৰ মাজত আছে । আনহাতে, দিহিং-পাটকাই হস্তী অভয়াৰণ্য , অৰুণাচল প্ৰদেশৰ দেওমালী সংৰক্ষিত বনাঞ্চলৰ সৈতে সংলগ্ন য'ত বৃহৎসংখ্যক হাতীয়ে বাস কৰে।

এ এছ ডব্লিউ এ দাবী কৰে যে ভাৰতৰ বৰ্ষাৰণ্যসমূহৰ অন্যতম দিহিং-পাটকাই হস্তী অভয়াৰণ্য আৰু ছালেকীত বৰ্তমানৰ লগতে ভৱিষ্যতেও যাতে কয়লা খনন নহয় । লগতে আন অভয়াৰণ্যসমূহতো জৈৱ- বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিক সন্তুলন বজাই ৰখাৰ বাবে অবৈধ কয়লা খননৰ‌ পৰা মুক্ত কৰাৰ দাবী কৰে ।

তদুপৰি ২০২০ ত আমেৰিকাই গছ-গছনিৰ স্বাস্থ্য, বন্যপ্ৰাণী আদি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰেছ বিবৃতিটোত লগতে কোৱা হয়, " আমি উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অন্তৰ্গত টিকোকতো অচিপি প্ৰকল্পৰ বিৰোধিতা কৰো । প্ৰশাসনৰ নাকৰ তলত চলি থকা অবৈধ কয়লা খনন আৰু চৰকাৰৰ দ্বাৰা ঘোষিত শূন্য সহনশীলতা নীতিক ই উপলুঙা কৰিছে"।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com