অসমত ৫৩জনলৈ বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যা

ইয়াৰ লগে লগে অসমত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৫৩ জন হৈছে।
অসমত ৫৩জনলৈ বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যা
Published on: 

ৰাজ্যৰ অধিকাংশ জিলাই গ্ৰীণ জ'নৰ হোৱাৰ সময়তে বৃহস্পতিবাৰে এটা দিনতে আঠজনকৈ লোকৰ শৰীৰত ধৰা পৰে ক'ৰ'না ভাইৰাছ। ইয়াৰ লগে লগে অসমত ক'ৰ'না আক্ৰান্ত লোকৰ সংখ্যা ৫৩ জন হৈছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা প্ৰায় ৯-৩০ বজাত এক টুইটযোগে জনায় যে ৰাজস্থানৰ পৰা বাছেৰে অহা ৪ জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। কাছাৰ জিলাত ক'ৰ'না পজিটিভ ধৰা পৰা লোক এজনৰ সৈতে একেখন বাছেৰে আহিছিল এই চাৰিজন লোক। ৰাজস্থানৰ পৰা অহা ৪ জন লোকৰ দেহত পজিটিভ ধৰা পৰাৰ বাতৰিয়ে সকলোকে ভবাই তোলাৰ প্ৰায় আধাঘণ্টা পিছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ১০ বাজি ০৯ মিনিটত আন এটি টুইট কৰে। আধাঘণ্টাৰ ভিতৰত কৰা এই দ্বিতীয়টো টুইটত আছিল গুৱাহাটী মহানগৰীতো আৰু ৪ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ খবৰ। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে গুৱাহাটীত ধৰা পৰা এই ৪ জন লোকৰ এজন বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছিল আৰু হোম কোৱাৰেণ্টাইনত আছিল। বাকী ৩ জন লোক গুৱাহাটীৰেই বুলি সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com