ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসঃ ভূপাল গেছ দুৰ্ঘটনাত মৃতকলৈ শ্ৰদ্ধা

১৯৮৪ৰ ২ আৰু ৩ ডিচেম্বৰৰ নিশা সংঘটিত ভূপাল গেচ দুৰ্ঘটনাত মৃতসকললৈ শ্ৰদ্ধাঞ্জলী জনাই এই দিৱস পালন কৰা হয় ৷
ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসঃ ভূপাল গেছ দুৰ্ঘটনাত মৃতকলৈ শ্ৰদ্ধা
Published on

প্ৰতিবছৰে ২ আৰু ৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস পালন কৰা হয় ৷ ১৯৮৪ৰ ২ আৰু ৩ ডিচেম্বৰৰ নিশা সংঘটিত ভূপাল গেচ দুৰ্ঘটনাত মৃতসকললৈ শ্ৰদ্ধাঞ্জলী জনাই এই দিৱস পালন কৰা হয় ৷

উল্লেখ্য যে উল্লেখ্য যে ১৯৮৪ চনৰ ২ ডিচেম্বৰৰ নিশা ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডে (ইউচিআইএল)-ৰ কীটনাশক প্ৰকল্পৰ পৰা মিথাইল আইচোচাইনেট (এমআইচি) নামৰ এবিধ বিষাক্ত ৰাসায়নিক গেছ নিৰ্গত হয়। যাৰ ফলত ভূপাল এক বিশাল গেছ বেষ্টনীলৈ ৰূপান্তৰিত হয়।

ভূপাল গেছ দুৰ্ঘটনা হৈছে দেশৰ প্ৰথম বৃহৎ ঔদ্যোগিক দুৰ্যোগ । কমেও ৩০ টন মিথাইল আইচোচাইনেট গেছ নিৰ্গত হোৱাৰ ফলত ১৫,০০০ৰ অধিক লোকৰ মৃত্যু হয় আৰু ৬০০,০০০ কৰ্মচাৰী আহত হয়। ভূপাল গেছ দুৰ্ঘটনাক প্ৰায়ে ইতিহাসৰ আটাইতকৈ ভয়াবহ ঔদ্যোগিক দুৰ্যোগ বুলি গণ্য কৰা হয়। 

ৰাষ্ট্ৰীয় প্দূষণ নিয়ন্ত্ৰণ দিৱসত প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com