Begin typing your search above and press return to search.

পাঁচজন ক'ৱিড আক্ৰান্ত চিনাক্তঃ গুৱাহাটীত আতংক, আতংকিত নহ'বলৈ আহ্বান

ৰাইজ আতংকিত হোৱা উচিত নহয়। কিন্তু সকলোৱে সজাগ আৰু সতৰ্ক হোৱা উচিত।

পাঁচজন কৱিড আক্ৰান্ত চিনাক্তঃ গুৱাহাটীত  আতংক, আতংকিত নহবলৈ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2020 5:13 AM GMT

শুকুৰবাৰৰ লৈকে যোৱা দুদিনত ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত পাঁচজনকৈ ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় ৷ ইয়াৰ পাছতে মহানগৰীলৈ নামি আহিছে আতংক ৷ যোৱা সোমবাৰে তলা-বন্ধৰ নীতি-নিয়ম চৰকাৰে কিছু শিথিল কৰাত মহানগৰীলৈ পূৰ্বৰ প্ৰাত্যাহিকতা কিছু পৰিমাণে ঘূৰি আহে ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত দোকান-পোহাৰ খোলাৰ লগতে বহু লোক কাম-কাজলৈ ওলাই আহে ৷ কিন্তু বৃহস্পতিবাৰে নিশাৰ পৰা ইজনৰ পাছত সিজনকৈ মুঠ পাঁচজন লোক ক'ৰ'নাত আক্ৰান্ত হোৱাত আতংকই ছানি ধৰিছে মহানগৰীক ৷ বহু লোকে পুনৰ সম্পূৰ্ণ তলাবন্ধ দাবী কৰিছে ৷

এনে অৱস্থাতে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনায় ।সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ৰাইজ আতংকিত হোৱা উচিত নহয়। কিন্তু সকলোৱে সজাগ আৰু সতৰ্ক হোৱা উচিত।অৱশ্যে মন্ত্ৰীজনে কয় যে গুৱাহাটীত ক'ৰ'নাত আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰলৈ ভ্ৰমণত যোৱা নাছিল। গতিকে তেওঁলোকৰ শৰীৰলৈ গুৱাহাটীতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ঘটে বুলি মন্ত্ৰীজনে সন্দেহ প্ৰকাশ কৰে। উল্লেখ্য যে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ এজন চিকিত্সক তথা স্নাতকোত্তৰ মহলাৰ ছাত্ৰও ক'ৰ'নাত আক্ৰান্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মেডিকেল কলেজখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰসহ ৯ জন চিকিত্সকক কোৱাৰাণ্টাইন কৰা হৈছে।

কালি এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "জি এম চি এইচ কৰ্তৃপক্ষই অধীক্ষক ৰমেন তালুকদাৰৰ সৈতে ৯জন চিকিৎসকক কুৱাৰেণ্টাইন কৰাৰ লগতে আক্ৰান্ত চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা চিকিৎসক আৰু ৰোগীৰসকলৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰা হৈছে। আক্ৰান্ত চিকিৎসকজনে জি এম চি এইছৰ নিউ কেবিনত চিকিৎসা সেৱা আগবঢ়াই আহিছিল। চিকিৎসা মহাবিদ্যালয়খনৰ ১ আৰু ৫ নম্বৰ ছাত্ৰাবাস বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে জি এম চি এইচখন নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হ'ব বুলি টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ভৰ্তি হৈ থকা পূৰ্বৰ ৰোগী সমূহকে উন্নত চিকিৎসা প্ৰদান কৰা হ'ব তথা স্বোৱাব চেম্পল সংগ্ৰহ কৰা হ'ব"।

আৰু পঢ়িব পাৰেঃ অধীক্ষক ডাঃ তালুকদাৰসহ জি এম চি এইচৰ ন চিকিৎসকক কুৱাৰেণ্টাইন

Next Story