ক'ৰ'নাঃ সামাজিক দূৰত্ব বৰ্তাই দিল্লীৰ জামে মছজিদত ঈদ পালন

অৱশ্যে এই মহামাৰীৰ মাজতো আজি জামে মছজিদত নামাজৰ বাবে বহুসংখ্যক লোক উপস্থিত হয়।
ক'ৰ'নাঃ সামাজিক দূৰত্ব বৰ্তাই দিল্লীৰ জামে মছজিদত ঈদ পালন
Published on

ক'ৰ'না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি দিল্লীৰ ঐতিহাসিক জামে মছজিদত সামাজিক দূৰত্ব বৰ্তাই ৰাখি পবিত্ৰ ঈদ পালন কৰা হয়। অৱশ্যে এই মহামাৰীৰ মাজতো আজি জামে মছজিদত নামাজৰ বাবে বহুসংখ্যক লোক উপস্থিত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত মছজিদ কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰিবলগা হয়। যাতে ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ ঘটিব নোৱাৰে, তাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰে মছজিদ কৰ্তৃপক্ষই। সকলোৱে সামাজিক দূৰত্বৰ বিধি মানি চলে।

আনহাতে, এই সম্পৰ্কত দিল্লী আৰক্ষীৰ উপ-আয়ুক্ত সঞ্জয় ভাটিয়াই কয় যে আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। যাতে খেলি-মেলিৰ সৃষ্টি নহয় আৰু সকলোৱে যাতে সামাজিক দূৰত্বৰ বিধি মানি চলে, সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰে বুলি উপ-আয়ুক্ত ভাটিয়াই জনায়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com