Begin typing your search above and press return to search.

দুসপ্তাহ লকডাউন বৃদ্ধিৰ পোষকতা মুখ্যমন্ত্ৰী সোণোৱালৰ

পুনৰ ১৪ দিনৰ বাবে অসমত লকডাউন বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

দুসপ্তাহ লকডাউন বৃদ্ধিৰ পোষকতা মুখ্যমন্ত্ৰী সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2020 10:12 AM GMT

দুসপ্তাহ লকডাউন বৃদ্ধিৰ পোষকতা সোণোৱালৰ

অহা ১৭ মে'ত অন্ত পৰিবলগা তলাবন্ধ বা লক-ডাউন দুসপ্তাহৰ বাবে বৃদ্ধিৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ক'ৰ'না ভাইৰাছে সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ প্ৰতি প্ৰত্বাহ্বান সৃষ্টি কৰাৰ সময়ত দেশবাসী কৰ'নাৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে থিয় হৈছে।

মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজক প্ৰসংশা কৰি ইয়াৰ দ্বাৰা অসমবাসীও উপকৃত হ'ব বুলি দাবী কৰে।

''এই দুৰ্দিনৰ সময়ত তেওঁ দৰিদ্ৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয়। তেওঁ দৰিদ্ৰৰ বন্ধু হিচাপে বিপদত থিয় দিছে''-তেওঁ কয়।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয়, ''অসমৰ ৩ কোটি এনে লোক উপকৃত হব। ৮ কোটি ৰেচন কাৰ্ড নথকা লোকলৈ বিনামুলীয়া চাউল দিয়া হৈছে। অসমৰ ৪৪ লাখ পৰিয়ালকো বিনামুলীয়া চাউল দিয়া হৈছে।''মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে অসম চৰকাৰ তৰফৰ পৰা পুনৰ ১৪ দিনৰ বাবে অসমত লকডাউন বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।


Next Story