গুৱাহাটীত একেদিনাই ২৩৮জন ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত

ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰী শৰ্মাই সকলোকে আখৰে আখৰে ক’ৱিড-১৯ প্ৰতিৰোধ বিধি মানি চলিবলৈ আহ্বান জনাইছে।
গুৱাহাটীত একেদিনাই ২৩৮জন ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত
Published on

মাথোঁ এটা দিনতে গুৱাহাটীত চিনাক্ত হ'ল ২৩৮জন ক'ৱিড-১৯ আক্ৰান্ত। এই উদ্বেগজনক তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয় যে ৰাজ্যত একেদনাই ৪৭৯ জন ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰে ২৩৮জন গুৱাহাটীৰ । ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰী শৰ্মাই সকলোকে আখৰে আখৰে ক'ৱিড-১৯ প্ৰতিৰোধ বিধি মানি চলিবলৈ আহ্বান জনাইছে। ইপিনে, অসমত মুঠ ক'ৱিড-১৯ আক্ৰান্তই ১০ হেজাৰ ঘৰক স্পৰ্শ কৰো কৰো অৱস্থাত আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com