উদ্ভট! চৰকাৰী আঁচনি লাভৰ বাবেই বিয়া কৰালে নিজ ভগ্নীক

এই উদ্ভট ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত ।
উদ্ভট! চৰকাৰী আঁচনি লাভৰ বাবেই বিয়া কৰালে নিজ ভগ্নীক
Published on

সমাজত এনে কিছুমান লোক আছে যিয়ে চৰকাৰী আঁচনিৰ সুবিধা প্ৰাপ্ত কৰিবলৈ যিকোনো পৰ্যায় অতিক্ৰম কৰিব পাৰে। আনকি নিৰ্দিষ্ট আঁচনিখনৰ বাবে হিতাধিকাৰী হিচাপে যোগ্য নোহোৱাৰ পাছতো। এনে এটা ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত । এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী সামুহিক বিবাহ যোজনা আঁচনিৰ পৰা ধন প্ৰাপ্ত কৰিবলৈ এক গণ বিবাহ অনুষ্ঠানত নিজৰ ভগ্নীক বিয়া কৰাইছিল, যাৰ অধীনত সমাজ কল্যাণ বিভাগে বিবাহ পৰিচালনা কৰিছিল।

গণ বিবাহ আঁচনিৰ অধীনত, ৰাজ্য চৰকাৰে প্ৰতিটো দম্পতীক তেওঁলোকক দিয়া ঘৰুৱা উপহাৰৰ উপৰিও ৩৫,০০০ টকা প্ৰদান কৰে। আঁচনিখনৰ বিৱৰণ অনুসৰি, কইনাৰ বেঙ্ক একাউণ্টত ২০,০০০ টকা জমা কৰা হয় আৰু ১০,০০০ টকাৰ উপহাৰো দিয়া হয়।

উদ্ভট বিবাহখন ১১ ডিচেম্বৰত ফিৰোজাবাদৰ টুণ্ডলাত অনুষ্ঠিত হৈছিল আৰু এই ঘটনাৰ সবিশেষ তেতিয়াহে পোহৰলৈ আহিছিল যেতিয়া স্থানীয় গাওঁবাসীয়ে বিবাহিত দম্পতীহালক তেওঁলোকৰ গাঁৱৰ ভাই-ভনী হিচাপে চিনাক্ত কৰিছিল।

অনুষ্ঠানটো টুণ্ডলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত আয়োজন কৰা হৈছিল য'ত আন ৫১ জন দম্পতীও বিবাহপাশত আৱদ্ধ হৈছিল।

আঁচনিৰ বাবে ইমান তললৈ কেনেকৈ নামিব পাৰে জীৱশ্ৰেষ্ঠ মানৱ ? আজিৰ যুগত হেৰাই গৈছে নিকি সম্পৰ্কৰ সেই অটুট বান্ধোন ?

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com