Begin typing your search above and press return to search.

কৃষিয়েহে অসমক আত্মনিৰ্ভৰ কৰি তুলিবঃ মুখ্যমন্ত্ৰী সোণোৱাল

কেৱল কৃষিৰ জৰিয়তেহে এই তলাবন্ধই সৃষ্টি কৰা সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হম

কৃষিয়েহে অসমক আত্মনিৰ্ভৰ কৰি তুলিবঃ মুখ্যমন্ত্ৰী সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-20T12:34:06+05:30

কৃষিয়েহে অসমক আত্মনিৰ্ভৰ কৰি তুলিবঃ মুখ্যমন্ত্ৰী সোণোৱাল

ক'ৰ'না ভাইৰাছ সৃষ্ট বিশ্বজোৰা মহামাৰীৰ প্ৰতিৰোধৰ উদ্দেশ্যে দেশত ঘোষিত তলাবন্ধৰ মাজতে অসমৰ পৰা ৩৫৭কোটি টকাৰ কৃষিজাত সামগ্ৰী ৰপ্তানী হ'ল ৷ এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱালে টুইটাৰত কয় যে অসমৰ কৃষকসকলে উৎপাদন কৰা শাক-পাচলি আৰু ফলমূলৰ লেখীয়া সামগ্ৰী তলাবন্ধৰ সময়ছোৱাত প্ৰচুৰ পৰিমাণে ৰপ্তানি হ'ল ৷ এই সময়ছোৱাত অসমৰ পৰা ৩৫৭কোটি টকাৰ সামগ্ৰী ৰপ্তানী হ'ল মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ ইয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়,"তলাবন্ধৰ সময়ছোৱাত আমাৰ ৰাজ্যৰ পৰা ৩৫৭কোটি টকাৰ কৃষিজাত সামগ্ৰী ৰপ্তানী হ'ল ৷ ইয়ে মোৰ মনত গভীৰ আশাৰ সঞ্চাৰ ঘটাইছে যে কেৱল কৃষিৰ জৰিয়তেহে এই তলাবন্ধই সৃষ্টি কৰা সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হম আৰু আত্মনিৰ্ভৰ অসম গঢ়িব পাৰিম" ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই মৰিগাঁও জিলাৰ মৈৰাবাৰীত উপস্থিত হৈ বৰো ধানখেতিৰ বুজ লয় পাছত তেওঁ টুইটাৰত কয়, " মৈৰাবাৰীৰ কৃষকসকলে বৰো ধানৰ খেতি কৰি আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়াস কৰিছে ৷ তেওঁলোকে মোক জানিবলৈ দিলে যে তেওঁলোকে বিঘাই প্ৰতি ২৫-৩০বস্তা ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে"৷ মই খেতিয়কসকলক প্ৰয়োজনীয় ধানৰ বীজ যোগান ধৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিলো"৷ উল্লেখ্য যে অলপতে অনুষ্ঠিত অৰ্থনৈতিক উপদেষ্টা সমিতিৰ বৈঠকতো মুখ্যমন্ত্ৰীয়ে কৃষি সম্পৰ্কত এনে বক্তব্য আগবঢ়ায় ৷ প্ৰাক্তন শীৰ্ষ আমোলা সুভাষ দাস নেতৃত্বাধীন এই বৈঠকত মুখ্যমন্ত্ৰীয়ে মতপোষণ কৰে যে অৰ্থনীতিৰ দ্ৰুত উত্থান আৰু নিয়োগৰ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত কৃষি আৰু সংলগ্ন খণ্ডৰ গুৰুত্ব আছে। তেওঁ কৃষিজাত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে বজাৰ সংযোগীকৰণৰ অভাৱেই কৃষক, বিশেষকৈ যুৱ-প্ৰজন্মক অনুত্সাহিত কৰিব পাৰে। সেয়েহে এয়া সুনিশ্চিত কৰা জৰুৰী যে কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী নষ্ট নহয় ।‌

উৎপাদিত ক্ৰয় বিপননৰ শৃংখলা সু-সংগঠিত কৰা আৰু কৃষকসকলৰ বাবে বজাৰ ব্যৱস্থা বহনক্ষম কৰি তোলাৰ বাবে ৰূপৰেখা (ৰোডমেপ) প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সমিতিক আহ্বান জনায় । লগতে শীতল ভঁৰাল আৰু অন্যান্য সামগ্ৰী সুবিধাৰ ব্যৱস্থা কৰাটো সময়ৰ অত্যাৱশ্যকীয় বুলি উল্লেখ কৰি সমিতিক এই দিশৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে ।

প্ৰতিটো সংকটে সুযোগ কঢ়িয়াই আনে বুলি মন্তব্য প্ৰকাশ কৰি সোণোৱালে প্ৰণালীবদ্ধ হস্তক্ষেপৰ‌ জৰিয়তে মৎস, পশুধন, ফল মূলৰ খেতি , দুগ্ধ উৎপাদন, আদি খণ্ডত ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান কৰে।‌ তেওঁ কয় যে ক'ৱিড-১৯ মহামাৰীৰ ফলত বাহিৰত থকা যিসকল যুৱক অসমলৈ ঘূৰি আহিছে, তেওঁলোকক আত্ম-নিয়োজনৰ সুবিধাৰে জীৱন নিৰ্বাহ কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব আৰু ইয়াৰ বাবে কৃষি আৰু ইয়াৰ সম্বন্ধীয় ক্ষেত্ৰ সমূহে মহত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

আৰু পঢ়িব পাৰেঃ মেঘালয়ত আৰু এজন ক'ৱিড পজিটিভ চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

Next Story