ধাৰাষাৰ বৰষুণৰ ফলত উপচি পৰা একাধিক নৈয়ে ৰাজ্যৰ কেতবোৰ অঞ্চলত বানৰ সৃষ্টি কৰিছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ আৰু য়োৰহাটৰ ৭৯খন গাঁৱৰ ২৮,৪৬২ জন লোক সাম্প্ৰতিক বানত আক্ৰান্ত হৈছে। আনহাতে, ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰসহ কেইবাখনো ৰাজ্যৰ বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই তথ্য অনুসৰি য়োৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ, শিৱসাগৰত দিখৌ আৰু দিছাং আৰু শোণিতপুৰত জীয়াভৰলী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা আছে। উল্লেখ্য যে চলিত বাৰিষাৰ প্ৰথমটো বানত ৰাজ্যৰ বিভিন্ন স্থানত ১০জন লোকৰ মৃত্যু হয়। তদুপকি এই বানত আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়।
বানত আক্ৰান্ত ৰাজ্যৰ ৭৯খন গাঁৱৰ ২৮ হেজাৰ লোক
চলিত বাৰিষাৰ প্ৰথমটো বানত ৰাজ্যৰ বিভিন্ন স্থানত ১০জন লোকৰ মৃত্যু হয়। তদুপৰি এই বানত আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়।

Next Story