দেশত ৬.৫৮%লৈ বৃদ্ধি মুদ্ৰাস্ফীতি, অস্বস্তি বৃদ্ধি মোদী চৰকাৰৰ
দেশত ৬.৫৮%লৈ বৃদ্ধি মুদ্ৰাস্ফীতি, অস্বস্তি বৃদ্ধি মোদী চৰকাৰৰ
এফালে ক’ৰ’না ভাইৰাছৰ আতংক, দেশৰ বেংকিং খণ্ডত ধুমুহা আৰু আনফালে গোলকীয় অৰ্থনীতিত সংকট ৷ এনে অৱস্থাতে দেশত উদ্বেগজনকভাবে উৰ্ধগামী হৈছে মুদ্ৰাস্ফীতি ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশত খুচুৰা মুদ্ৰাস্ফীতি ৬.৫৮ শতাংশলৈ বৃদ্ধি পায় ৷ উল্লেখ্য যে মোদী চৰকাৰে খুচুৰা মুদ্ৰাস্ফীতি ৪ শতাংশত সীমাৱদ্ধ ৰাখিবলৈ ৰিজাৰ্ভ বেংকক নিৰ্দেশনা দি আহিছে৷ সেই অনুসৰি ৰিজাৰ্ভ বেংকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে যদিও মুদ্ৰাস্ফীতি আকাশলংঘী হৈ উঠিছে৷ ফলত সাধাৰণ লোকৰ জীৱনযাত্ৰা ক্ৰমে জটিল হৈ উঠিছে৷নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ চ’ৰা দামে বহুতকে দিশহাৰা কৰিছে৷ উল্লেখ্য যে য়েছ বেংকত সংঘটিত এক বিয়াগোম বিত্তীয় কেলেংকাৰিৰ তথ্য অলপতে পোহৰলৈ আহে৷ কেলেংকাৰিটোত অভিযুক্ত কৰি এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে বেংকৰ মুৰব্বী ৰাণা কাপুৰক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি তেওঁ ন্যায়িক জিম্মতা আছে। দেউলীয়া অনিল আম্বানীসহ একাংশ পুঁজিপতীয়ে হেজাৰ হেজাৰ কোটি টকাৰ ঋণ লৈ ঘূৰাই নিদি বেংকটোৰ ৰাজহাড় ভাঙি পেলায়। আনহাতে, য়েছ বেংকৰ কেলেংকাৰিয়ে বাৰুকৈয়ে অস্বস্তিত পেলাইছে মোদী চৰকাৰক ৷ সম্প্ৰতি প্ৰকাশিত মুদ্ৰাস্ফীতিৰ তথ্যই চৰকাৰৰ অস্বস্থি দুগুণে বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ৷
অন্য খবৰৰ বাবে পঢ়কঃ ৱাটছএপত ক’ৰ’না ভাইৰাছৰ ভুৱা খবৰ বিয়পাই মিজোৰামত গ্ৰেপ্তাৰ ১১