Begin typing your search above and press return to search.

মাথোঁ ২০ হেজাৰ টকাত দুচকীয়া বাহন মুকলি ষ্টাৰ্টআপৰ

এই দুচকীয়া বাহন চলাবলৈ চালকক লাইচেন্সৰ প্ৰয়োজন নহয় বুলিও প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।

মাথোঁ ২০ হেজাৰ টকাত দুচকীয়া বাহন মুকলি ষ্টাৰ্টআপৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2020 9:33 AM GMT

মাথোঁ ২০ হেজাৰ টকাত দেশত মুকলি এখন দুচকীয়া বাহন। এই বাহনখন মুকলি কৰিছে প্ৰসিদ্ধ ষ্টাৰ্টআপ কোম্পানী Detel য়ে। উল্লেখ্য যে এই বাহনখনেই হৈছে সবাতোকৈ সস্তা বাহন। ষ্টাৰ্টআপটোৱে কয় যে বাহনখনৰ নাম ডেটেল ইজি। ইয়াৰ দাম জিএছটিসহ মাত্ৰ ১৯,৯৯৯ টকাত আগবঢ়োৱা হৈছে।

ষ্টাৰ্টআপটোৱে সদৰী কৰা অনুসৰি এই বাহনখনৰ দামেই কেবল সস্তা নহয়, ইয়াক চলোৱাৰ খৰচো কম। কোম্পানীটোৰ ৱেবছাইটৰ পৰাও এই বাহনখন ক্ৰয় কৰিব পৰা যাব।

উল্লেখ্য যে Detel Easy দুচকীয়া বাহনখনত ৬-পাইপ নিয়ন্ত্ৰিত 250W মটৰ লগোৱা হৈছে। বাহনখনৰ গতিবেগ প্ৰতি ঘন্টাত ২৫কিলোমিটাৰ।

বাহনখনত 48V 12A LifePO4 বেটেৰী আছে। ৭বা ৮ঘন্টাত এই বেটাৰীৰ ফুলচাৰ্জ কৰিব পাৰি। এবাৰ ফুলচাৰ্জ কৰাৰ পাছত ডেটেল ইজিৰে ৬০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পৰা যাব।

ইপিনে, এই দুচকীয়া বাহন চলাবলৈ চালকক লাইচেন্সৰ প্ৰয়োজন নহয় বুলিও প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। আনকি এই ইলেকট্ৰিক বাহনৰ বাবে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰো প্ৰয়োজন নাই।

আৰু পঢ়িব পাৰেঃ অভিলাসী অৰুণোদয় আঁচনিৰ গাইডলাইন প্ৰকাশ অসম চৰকাৰৰ

Next Story
চাকৰি