Begin typing your search above and press return to search.

সুশান্তক পুত্ৰৰূপে পাবলৈ তিনি বছৰ মন্দিৰে মন্দিৰে ঘূৰিছিল পিতৃ-মাতৃয়ে

তাৰ মাজতে সুশান্তৰ পিতৃ কে কে সিঙে ক'লে জীৱনৰ বহু কথা। সুশান্তক পুত্ৰৰূপে লাভ কৰাৰ কথা।

Bereaved parents

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2020 6:36 AM GMT

ভাগ্য-লিপি কোনেও খণ্ডাব নোৱাৰে! যেন এই কথাই মানি ল'বলৈ লৈছে পুত্ৰ শোকত ব্যাকুল অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে। ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল সুশান্ত। সহযোগীৰ মানসিক অত্যাচাৰত ভাগি পৰি নিজকে নিঃশেষ কৰি দিয়া অভিনেতাজন আছিল চাৰি ভগ্নীৰ কনিষ্ঠ। একালত সুশান্তৰ পিতৃ-মাতৃয়ে পুত্ৰ সন্তানৰ বাবে ব্যাকুল হৈ পৰিছিল। ইগৰাকীৰ পিছত সিগৰাকীকৈ চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ পাছতো এটা পুত্ৰ সন্তান লাভৰ হাবিয়াস কৰিছিল দুয়ো। পুত্ৰ সন্তান লাভৰ আন একো উপায় নেদেখি দুয়ো নেদেখাজনৰ আশিস বিচাৰি মন্দিৰে মন্দিৰে ঘূৰিছিল। এনেদৰে তিনি বছৰ বছৰ বিভিন্ন মন্দিৰত পূজা-সেৱা আগবঢ়োৱাৰ পাছত পুত্ৰ সন্তানৰ মুখ দেখিবলৈ সক্ষম হৈছিল দম্পতীহাল। দম্পতীহালৰ মুখত হাঁহি বিৰিঙোৱা সেই পুত্ৰ সন্তানেই আছিল সুশান্ত।

অনেক সাধনাৰ বলত পুত্ৰ সন্তান লাভ কৰা দম্পতীহাল এতিয়া বাকৰুদ্ধ। একোৱেই সান্ত্বনা দিব পৰা নাই তেওঁলোকক। একমাত্ৰ পুত্ৰক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছে তেওঁলোক। তাৰ মাজতে সুশান্তৰ পিতৃ কে কে সিঙে ক'লে জীৱনৰ বহু কথা। সুশান্তক পুত্ৰৰূপে লাভ কৰাৰ কথা। সুশান্তৰ মৃত্যুৰ পাছত সাংবাদিকৰ আগত প্ৰথমবাৰলৈ মুখ খুলি তেওঁৰ পিতৃয়ে কয়, " ৩"বছৰ মন্দিৰে মন্দিৰে ঘূৰাৰ পাছত আমি পুত্ৰ সন্তানৰ মুখ দেখিছিলো। কিন্তু ভাগ্য-লিপি কোনেও খণ্ডাব নোৱাৰে।" তেওঁ কয় যে সুশান্তৰ ওপৰত পৰিয়ালৰ ফালৰ পৰা কোনো হেঁচা নাছিল। জীৱিকাৰ পথ সুশান্তই নিজেই বাছি লৈছিল।একে কথাই কয় সুশান্তৰ এগৰাকী ভগ্নীয়ে।

Next Story
চাকৰি