Begin typing your search above and press return to search.

মিজোৰামৰ আৰু দুজন আক্ৰান্ত হ'ল ক'ৰ'না মহামাৰীতঃ কলকতাত চিকিত্সাধীন

মিজোৰামৰ আৰু দুজন আক্ৰান্ত হল কৰনা মহামাৰীতঃ কলকতাত চিকিত্সাধীন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2020 12:05 PM GMT

ক'ৰ'না মহামাৰীৰ পুনৰ আতংকৰ গ্ৰাসত সোমাল মিজোৰাম। ৰাজ্যখন ক'ৱিড-১৯ মুক্তৰূপে চিহ্নিত হোৱাক লৈ বহুজনে স্বস্তিৰ নিশ্বাস পেলোৱাৰ সময়তে দুজন মিজো লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। দুয়োজন লোক কৰ্কটত আক্ৰান্ত। দুয়ো চিকিত্সাৰ বাবে কলকতালৈ যাওঁতে তাত দুয়োৰে নমুনা পৰীক্ষা কৰাত দুয়োজন ক'ৰ'না আক্ৰান্তৰূপে চিহ্নিত হয়। সম্প্ৰতি দুয়ো কলকাতাৰ এ এম আৰ আই হাস্পতালত চিকিত্সাধীন হৈ আছে বুলি মিজোৰাম চৰকাৰৰ এজন বিষয়াই জানিবলৈ দিছে। এই ৰোগী দুজনৰ এজনৰ বয়স ৭২ বছৰ আৰু আনজনৰ ৬৩ বছৰ। যোৱা মাৰ্চত দুয়ো কৰ্কট ৰোগৰ চিকিত্সাৰ বাবে কলকাতালৈ যায়। পাছত তেওঁলোকে কলকাতাস্থিত মিজোৰাম হাউছত আশ্ৰয় লয়। তাত থকাৰ সময়ছোৱাতে দুয়োজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তেতিয়া তেওঁলোকক এ এম আৰ আই হাস্পতালত ভৰ্তি কৰা হয়। ইপিনে, দেশত অহা ১৭মে'লৈকে তলাবন্ধ (ল'কডাউন)বৃদ্ধি কৰা হৈছে ৷ কিছুসংখ্যক ৰাজ্যত ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা তিনি মে'ত অন্ত পৰিবলগীয়া লংক-ডাউনৰ ম্যাদ দুসপ্তাহৰ বাবে বৃদ্ধি কৰিছে ৷ কালি শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ ৰাজ্যৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল'ক-ডাউনৰ ম্যাদ দুসপ্তাহ বৃদ্ধিৰ সিদ্ধান্ত লয় ।অৱশ্যে গ্ৰীণ জ'ন আৰু আৰু অৰেঞ্জ জ'নত ক'ৱিড-১৯নীতি-নিয়মাৱলীৰ কিছু শিথিলতা থাকিব । কিন্তু ৰেড জ'নত সম্পূৰ্ণ তলাবন্ধ অহা ১৭ মেলৈকে বলবত থাকিব। আনহাতে, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ৩৩ জিলাৰ ৩০খনকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰীণ জ'নত অন্তৰ্ভুক্ত কৰিছে। আন তিনিখনৰ দুখনক সুমথিৰা মণ্ডল (অৰেঞ্জ জ'ন) আৰু আনখনক ৰেড জনত অন্তৰ্ভুক্ত কৰিছে। " আমাৰ ৰাজ্যৰ অধিকাংশ জিলাকে গ্ৰীণ জনত অন্তৰ্ভুক্ত কৰাটো সুখবৰ। কিন্তু আমি সাৱধান আৰু সতৰ্ক হৈ চলিব লাগিব। ক'ৱিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে"", তেওঁ এইদৰেও কয়। ইপিনে, ৰাজ্যত বৃহস্পতিবাৰলৈকে ৰাজ্যত ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পায় । বৃহস্পতিবাৰে একেদিনাই বঙাইগাঁৱত চাৰিজন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয় যে সম্প্ৰতি ৰাজ্যত ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পাইছে। কাৰণ বঙাইগাঁও জিলাত চাৰিজন আৰু কৰিমগঞ্জত এজন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰ পূৰ্বেও বঙাইগাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক'ৱিড-১৯ ধৰা পৰে। মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত ১২ জন ক'ৱিড-১৯আক্ৰান্ত হাস্পতালত আছে। আন ২৭ জন সুস্থ হোৱাত তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ১১ জিলাৰ ১০খনকে গ্ৰীণ জ'নত অন্তৰ্ভুক্ত কৰা হৈছে।

Next Story