
হিন্দু ধৰ্ম গ্ৰহণৰ পাছতে উত্তৰ প্ৰদেশৰ ছিয়া ৱাকফ বোৰ্ডৰ অধ্যক্ষকে ধৰি সকলো পদ ত্যাগ কৰিছে ৱাছিম ৰিজভীয়ে । তেওঁ বোৰ্ডৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰাৰ কথা এটা ভিডিওযোগে সদৰী কৰিছে। ভিডিওটোত তেওঁ কয় যে তেওঁ বোৰ্ডৰ সকলো পদত্যাগৰ পদত্যাগ পত্ৰ বোৰ্ডৰ বৰ্তমানৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰিছে। " মই বোৰ্ডৰ অধ্যক্ষ পদ আৰু নিৰ্বাচিত সদস্য পদো ত্যাগ কৰিছো। মই মোৰ পদত্যাগ পত্ৰ বোৰ্ডৰ অধ্যক্ষৰ হাতত দাখিল কৰিছো। মই সনাতন ধৰ্ম গ্ৰহণ কৰিছো,'' ৰিজভীয়ে এইদৰে কয়।
ৰিজভীয়ে লগতে কয় যে তেওঁৰ সমগ্ৰ দেশৰ মুছলমান অধ্যুষিত লোকসভা আৰু বিধানসভা সমষ্টিসমূহ ভ্ৰমণ কৰি ৰাইজক দেশৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি ভোট দিবলৈ আহ্বান জনাব। উল্লেখ্য যে হিন্দু গ্ৰহণ কৰাৰ পাছতে তেওঁ জিতেন্দ্ৰ নাৰায়ন ত্যাগী নাম লৈছে। তেওঁ সমগ্ৰ দেশৰ হিন্দুসকলক একত্ৰিত কৰিবলৈও কাম কৰিব বুলি প্ৰকাশ কৰিছে। তেওঁ কয যে সনাতন ধৰ্ম হৈছে বিশ্বৰ সবাতোকৈ বিশুদ্ধ ধৰ্ম।
আনহাতে, ৰিজভীয়ে সন্দেহ প্ৰকাশ কৰে যে তেওঁক মুছলমান সংগঠনসমূহে শিৰশ্ছেদ কৰি হত্যাৰ ষড়যন্ত্ৰ কৰিছে। " মোৰ একমাত্ৰ অপৰাধ হল যে মই কোৰান উচ্চতম ন্যায়ালয়লৈ নিচিলো আৰু ২৬ টা কাব্যকলৈ বিতৰ্ক কৰিছিলো। মুছলমানে কেতিয়াও প্ৰাৰ্থীক ভোট নিদিয়ে। তেওঁলোকে হিন্দুক পৰাজিত কৰিবলৈহে ভোট দিয়ে। মই হিন্দত্ববাদৰ বাবে কাম কৰিম," ৰিজভীয়ে এইদৰে কয়। ইপিনে, ৰিজভি ধৰ্মান্তৰিত হোৱাকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।