কামৰূপ জিলাত ধুমুহাৰ তাণ্ডৱঃ ক্ষতি গ্ৰস্ত হ’ল শতাধিক বাসগৃহ

কামৰূপ জিলাত ধুমুহাৰ তাণ্ডৱঃ ক্ষতি গ্ৰস্ত হ’ল শতাধিক বাসগৃহ
Published on

শনিবাৰে বিয়লি প্ৰায় ৭.৪৫ বজাত কামৰূপ (Kamrup) জিলাৰ বকো বিধানসভাৰ অন্তৰ্গত অঞ্চলত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষয় ক্ষতিৰ সন্মুখীন হয় ৷ধুমুহাৰ কাৰণে হাজাৰ গছ গছনি উঘালি পৰাৰ লগতে অঞ্চলটোৰ লোকসকলৰ শতাধিক বাস গৃহ ভাগি পৰে ।ইয়াৰ মাজতে কামৰূপ জিলাৰ নগৰবেৰাৰ ধূপধৰালৈ গৈ থকা এখন যাত্ৰীবাহী বাছত গছ ভাগি পৰে যদিও যাত্ৰীসকল কথমপি ৰক্ষা পৰে ৷ অন্যহাতে বিধ্বংসী ধুমুহাই কেৱল কামৰূপ জিলাতেই নহয় ৷

গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৷বকোৰ শক্তি বিষ্ণু ৰাভা প্ৰাইমেৰী বিদ্যালয় গৃহটো ধুমুহাই ক্ষতি গ্ৰস্ত কৰে ৷ লগতে ধুমুহাত ধুপধৰা সাপ্তাহিক বজাৰতো প্ৰভাৱ পেলাই। ৰাভা হাচং অ’টোন’মাছ পৰিষদৰ সদস্য পঞ্চমী ৰাভাই কয় যে কামৰূপ জিলাত বিধ্বংসী ধুমুহাত শক্তি,বন্দাপাৰা,খাটাজুলী,জামলাই আৰু কল্যানপুৰ আৰু গোৱালপাৰা জিলাৰ ধুপধাৰা,দিঘলী,আৰু বাগদোবাত ক্ষতিগস্ত কৰে ৷

বিধ্বংসী ধুমুহাৰ কাৰণে অধিকাংশ বাসগৃহ ক্ষতিগ্ৰস্ত হয় ৷ উল্লেখ্য যে, গুৱাহাটীৰ স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এক প্ৰতিবেদন অনুসৰি অনাগত পাঁচ দিনত ঘন্টাত ৪০-৫০ কিমিটাৰ বেগত অসম,মেঘালয়, নাগালেণ্ড,মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতাহ হ’ব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com