গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহত্তৰ পৰিমাণৰ অবৈধ চুপাৰি জব্দ

গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহত্তৰ পৰিমাণৰ অবৈধ চুপাৰি জব্দ
Published on

গুৱাহাটী ৰেলৱে ষ্টেচন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। আজি ৰেলৱে পুলিচে বৃহত্তৰ পৰিমাণৰ অবৈধ চুপাৰি জব্দ কৰিছে। ১৪৭ টা বেগত অহা চুপাৰিখিনিৰ মূল্য ৩১,৪৮,৬২২ টকা হ'ব বুলি জানিব পৰা গৈছে। আজি কিছুদিনৰ পৰা ৰেলৱে পুলিচে বহু পৰিমাণৰ ড্ৰাগছৰ লগতে নানাধৰণৰ নিচাজাতীয় দ্ৰব্যৰ আৰু বহু অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ পৰা সকলো ঠাইলৈ যাবলৈ সহজ হোৱা বাবে অপৰাধীৰ বাবে সুবিধা হৈছে বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com