বড়ো সকলৰ সৈতে নহয় কেন্দ্ৰৰ সৈতে যুঁজ কৰক: আক্ৰাছুলৈ আহ্বান আবছুৰ

বড়ো সকলৰ সৈতে নহয় কেন্দ্ৰৰ সৈতে যুঁজ কৰক: আক্ৰাছুলৈ আহ্বান আবছুৰ
Published on

দীৰ্ঘদিন ধৰি বড়োলেণ্ডত অব্যাহত আছে বড়ো আৰু অবড়োৰ মাজৰ সংঘাত। এফালে যদি বড়োসকলৰ দাবী বিচাৰি আন্দোলন আনফালে বড়োসকলৰ দাবীৰ প্ৰতিবাদত বড়োলেণ্ডত নিজৰ অস্তিত্ব সুৰক্ষিত নহয় বুলি অবড়ো দল-সংগঠনৰ প্ৰতিবাদ।কোকৰাঝাৰৰ বডৌফা হাউচত অনুষ্ঠিত এখন সংবাদ মেলত সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে আক্ৰাছুৰ নেতাসকলক নিজৰ প্ৰাপ্য ন্যায় বিছাৰি বড়ো সকলৰ বিৰুদ্ধে নহয় কেন্দ্ৰৰ লগত যুঁজ দিবলৈ আহ্বান জনাইছে।

ৰবিবাৰে সাংবাদিকৰ আগত প্ৰমোদ বড়োই কয় আক্ৰাছুৱে বড়োসকলৰ সমস্যা সমূহৰ সমাধান আৰু কেন্দ্ৰৰ সৈতে চলি থকা শান্তি আলোচনাৰ মুকলি ভাবে বিৰোধিতা কৰি আহিছে ইয়াৰ বিপৰীতে বড়োসকলে কেতিয়াও আক্ৰাছুৰ আন্দোলনৰ বিৰোধিতা কৰা নাই। কিছুমান দল সংগঠনে অজনজাতীয় আৰু অবড়ো চিন্তাধাৰাৰে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি আহিছে বুলি সমালোচনা কৰি আক্ৰাছুক অৰ্থনৈতিক,সামাজিক আৰু শিক্ষাৰ অধিকাৰৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত যুঁজ কৰাৰ বাবে আহ্বান

জনাই।

এটা বিশেষ দল অথবা সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱাতো ভাল কথা নহয় বুলি উনুকিয়াই আবছুৰ সভাপতি জনে বড়ো সকলৰ সাংবিধানিক অধিকাৰৰ বাবে সংবিধানৰ গণ্ডীৰ মাজেৰে এই দাবী সমূহ পূৰণ নহোৱা পৰ্য্যন্ত আন্দোলন চলাই যাব বুলি কয়। ভাৰতীয় সংবিধানৰ দুই আৰু তিনি নম্বৰ অনুচ্ছেদত জনজাতীয় লোকসকলৰ বাবে সুকীয়া ৰাজ্য গঠনৰ বাবে থকা ব্যৱস্থাৰ মাধ্যমেৰে পৃথক বড়ো ৰাজ্যৰ বাবে আবছুৱে আন্দোলন অব্যাহত ৰাখিব বুলি সভাপতি জনে মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com