লোকসভা নিৰ্বাচনত একেলগে অবতীৰ্ণ হব অগপ আৰু বিজেপি । মংগলবাৰে ৰেডিছন ব্লুত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ। কংগ্ৰেছক পৰাজিত কৰাৰ স্বাৰ্থত মিত্ৰতা কৰা বুলি মন্তব্য কৰে অতুল বৰাই । লগতে অগপৰ পদত্যাগী মন্ত্ৰীক মন্ত্ৰিত্ব লোৱাৰ আহ্বান ৰাম মাধৱৰ।
অগপ, বিজেপি আৰু বি পি এফয়ে লোকসভা নিৰ্বাচনত একেলগে অবতীৰ্ণ হব । দিছপুৰত অনুষ্ঠিত হব লগা বিশেষ বৈঠকত অগপৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষন চৌধৰীয়ে ইতিমধ্যে জনতা ভৱনলৈ গতি কৰিছে । আন এখন বৈঠক অনুস্থিত হব ১৫ মাৰ্চত যত লোকসভা আসন পুনৰ লাভৰ বাবে । লোকসভা নিৰ্বাচনত অগপৰ ৩ খন আসন , বিজেপিয়ে ১০ খন আসন আৰু বি পি এফয়ে ১ খন আসনৰ বাবে প্ৰতিদন্দ্বিতা কৰিব । ১৪ খন আসনৰ ভিতৰত ১২ আসনে নিশ্চিত কৰিবলৈ চেষ্টা কৰিব বুলি প্ৰকাশ কৰে । অগপয়ে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীৰ পৰা প্ৰতিদন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছে । কলিয়াবৰত অগপৰ মনি মাধৱ মহন্ত, বৰপেটাৰ পৰা ভূপেন ৰায় অথবা কুমাৰ দিপাক প্ৰাৰ্থীত্ব দিয়াৰ সম্ভাৱনা আছে । আন এখন আসন কোন ঠাইৰ পৰা আগবঢ়াব সেয়া দ্বিতীয় সপ্তাহতে প্ৰকাশ কৰিব ।
আজি অগপৰ ৩ জন মন্ত্ৰীয়ে পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰে । নাগৰিকত্ব সংশোধনি বিধেয়কৰ খন বিৰোধিতা কৰি অগপয়ে মিত্ৰতা ভংগ কৰিছিল । পুনৰ মংগলবাৰে মিত্ৰতাৰ কথা প্ৰকাশ কৰে ৰাম মাধৱে ।
পুনৰ মিত্ৰতা কৰাৰ পিছত টুইটাৰৰ যোগে ৰাম মাধৱে প্ৰকাশ কৰে যে " কংগ্ৰেছক প্ৰতিহত কৰিবলৈ বিজেপি আৰু অগপয়ে একেলগে লোকসভা নিৰ্বাচনত অবতীৰ্ণ হব । এই অনুষ্ঠানত উপস্থিত আছিল ৰাম মাধৱৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ বিধায়ক অতুল বৰা, কেশৱ মহন্ত। মিত্ৰগোট চৰকাৰৰ বি পি এফ তৃতীয়টো দল বুলি প্ৰকাশ কৰে ।"
ব্ৰহ্মপুত্ৰ অতিথিশালাত অনুষ্ঠিত বৈঠকত আজি অগপৰ ৩ বিধায়কৰ পদত্যাগ প্ৰত্ৰ প্ৰত্যাহাৰ কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰি ৩ বিধায়কৰ পদত্যাগ প্ৰত্ৰ প্ৰত্যাহাৰ কৰিলে । ৰাম মাধৱৰ পৃষ্ঠপোষকতা নিশা ৰেডিছন ব্লুত অনুষ্ঠিত বৈঠকৰ পিছত অগপ আৰু বিজেপি পুনৰ মিত্ৰতালৈ আহে । ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ , বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অগপৰ ৩ বিধায়কৰ অতুল বৰা, কেশৱ মহন্ত, ফনীভূষন চৌধৰী উপস্থিত থাকে ।পুনৰ দায়িত্ব চমজি ল’ব নিগম-নিকায়ৰ ৬ অধ্যক্ষয়ো। ৩ মন্ত্ৰীৰ সৈতে ৰাওনা বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু সত্যব্ৰত কলিতাও। মঙলবাৰে বিজেপিৰে মিত্ৰতাৰ সিদ্ধান্ত লৈছিল অসম গণ পৰিষদে।