শিৱসাগৰ জিলাত সম্পত্তিৰ বাবে হত্যা পিতৃক

শিৱসাগৰ জিলাত সম্পত্তিৰ বাবে হত্যা পিতৃক
Published on

শিৱসাগৰ জিলাৰ দিহিংমুখ গাঁওৰ মেচাকি চাপৰি অঞ্চলৰ এজন খেতিয়কৰ ২৫বিঘা মাটি,বহু সংখ্যক পোহনীয়া জন্তু,সোণৰ আ-অলংকাৰ,টকা পইচাৰ অধিকাৰী তথা সম্পত্তিৰ বাবে পিতৃক পুত্ৰ আৰু নাতিনীয়েকে লগ হৈ হত্যা কৰে।

৮০ ঊৰ্ধৰ গুনকান্ত গগৈ যোৱা দহদিন ধৰি নাইকিয়া হৈ থকা দেখি গাঁৱৰ ৰাইজে পুত্ৰক প্ৰশ্ন কৰে কিন্তু পুত্ৰই কোনো ধৰনৰ সঠিক উত্তৰ দিব নোৱাৰাত গাঁৱৰ ৰাইজে সন্দেহ কৰে।জানিব পৰা মতে,মৃতদেহ এটি দিহিং নদীৰ সমীপত প্লাষ্টিক বেগেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু গাঁৱৰ ৰাইজে নোহোৱা হৈ থকা গুনকান্ত গগৈ বুলি চিনাক্ত কৰে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সন্দেহ কৰি পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰু পিছত পুত্ৰই নিজ মুখেৰে সকলো কথাৰ বিৱৰন দিয়ে আৰু মত ব্যক্ত কৰে যে সম্পত্তিৰ বাবে এনে কু-কৰ্ম কৰিলে।ঘটনাটো (২৬৭/১৮ ইউএচ ৩০১/৩০২) নম্বৰত ডিমৌ আৰক্ষী থানাত গোচৰ ৰুজু হয় আৰু অভিযোগকাৰীৰ পৰা আৰু অধিক তথ্য উলিয়াবৰ বাবে জেৰা অব্যাহত ৰাখে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com